/asomiyapratidin/media/media_files/2025/05/25/DWD94oKdvcmsvbyPFvm5.jpg)
ডিজিটেল ডেস্কঃ কিডনী বা বৃক্কৰ পাথৰৰ দৰে পিত্তথলী অৰ্থাৎ পিত্তত পাথৰ হোৱাটো এতিয়া একেবাৰে সাধাৰণ সমস্যাত পৰিণত হৈছে। পেটত হোৱা সৰু পাথৰ এটাৰ বেদনাও অসহ্যকৰ। কিন্তু যিজনৰ শৰীৰত এটা-দুটা নহয়, ৮ হাজাৰ পাথৰ থাকে, তেওঁৰ অৱস্থা কি হ’ব, এবাৰ কল্পনা কৰকছোন !
হয়, এজন ৭০ বছৰীয়া ব্যক্তিৰ শৰীৰৰ পৰা ওলাল ৮,১২৫টা পাথৰ। এই বৃদ্ধ ব্যক্তিজন হাৰিয়ানাৰ গুৰুগ্ৰামৰ বাসিন্দা। কেইদিনমান পূৰ্বে পেটত অসহনীয় বিষ হোৱাত তেওঁক দিল্লীৰ ফৰ্টিছ মেম’ৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটত ভৰ্তি কৰোৱা হয়। এইখন হাস্পতালতে অস্ত্ৰোপচাৰ কৰি লেপাৰ’স্কপিক পদ্ধতিৰে লোকজনৰ পিত্তথলী আঁতৰাই পেলোৱা হয়। এই জটিল অস্ত্ৰোপচাৰটো কৰিবলৈ এক ঘণ্টাতকৈও অধিক সময় লাগিছিল। চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনোৱা মতে, অস্ত্ৰোপচাৰৰ পিছত ব্যক্তিগৰাকীৰ শৰীৰৰ পৰা ওলোৱা পাথৰবোৰ গণনা কৰিবলৈ ৬ ঘণ্টা সময় লাগিছিল।
চিকিৎসকৰ মতে, ৰোগীজন এতিয়া সুস্থ হৈ উঠিছে। কিন্তু তেওঁৰ অৱস্থা অতি সংকটজনক আছিল। ইয়াতকৈ পলম হোৱা হ'লে লোকজনৰ মৃত্যু হোৱাটো নিশ্চিত আছিল। ইশ্বৰ আছে, সেয়েহে তেওঁৰ প্ৰাণ ৰক্ষা পৰিল বুলিও চিকিৎসকে জানিবলৈ দিয়ে।