একেবাৰে কম খৰচতে ঘৰতে কৰিব পাৰি শালমইনাৰ চিকিৎসা

গৰমৰ দিন কেইটাত আমাৰ ছালত বহুতো সমস্যাই দেখা দিয়ে। যাৰ ভিতৰত অন্যতম হৈছে শালমইনাৰ সমস্যা। বালি-ধূলি তথা প্ৰদূষণৰ ফলত ছালৰ ছিদ্ৰবোৰ বন্ধ হোৱাৰ ফলত শাইমইনা হয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
seo  গ্ৰীণ টি

ডিজিটেল ডেস্ক: গৰমৰ দিন কেইটাত আমাৰ ছালত বহুতো সমস্যাই দেখা দিয়ে। যাৰ ভিতৰত অন্যতম হৈছে শালমইনাৰ সমস্যা। বালি-ধূলি তথা প্ৰদূষণৰ ফলত ছালৰ ছিদ্ৰবোৰ বন্ধ হোৱাৰ ফলত শাইমইনা হয়। যিয়ে গোটেই মুখখনৰ সৌন্দৰ্য ম্লান কৰি পেলায়।শালমইনাৰ পৰা  পৰিত্ৰাণ পাবলৈ বহুতেই বজাৰৰ নামী-দামী সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে। এইসমূহত থকা ৰাসায়নিক পদাৰ্থসমূহে ছালখনক ভাল কৰাৰ পৰিৱৰ্তে বেয়াহে কৰে। সেয়েহে সদায় ছালৰ যত্নত ঘৰুৱা প্ৰতিকাৰৰ সহায় ল’ব লাগে।শালমইনাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱে কি কি উপায় অৱলম্বন কৰিব পাৰি, জানি লওঁক-

Advertisment

বৰফ

শালমইনা দূৰ কৰাৰ প্ৰাথমিক উপায়টোয়েই হ'ল বৰফ। ইয়াৰ বাবে বৰফৰ টুকুৰা এটা কোমল কাপোৰ এখনত ভালদৰে মেৰিয়াই লৈ শালমইনাৰ ওপৰত ৩-৪ মিনিটৰ বাবে প্ৰয়োগ কৰিব। এনেদৰে দিনত ৫-৭ বাৰ ছালত প্ৰয়োগ কৰিলে আপুনি খুব সোনকালেই সুফল লাভ কৰিব।

গ্ৰীণ টি

শালমইনাৰ সমস্যা দূৰ কৰাত গ্ৰীণ টিয়ে গুৰুতৰ ভূমিকা পালন কৰে। গ্ৰীণ টিৰ বেক্টেৰিয়া-ৰোধী গুণাগুণ থাকে, যিয়ে ছালখনক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ই ছালত ক্ষতিকাৰক বীজাণুৰ বিকাশ বন্ধ কৰে, যাৰ ফলত শালমইনা ওলাব নোৱাৰে।

গ্ৰীণ টি কেনেকৈ ব্যৱহাৰ কৰিব

শালমইনা দূৰ কৰিবলৈ যদি আপুনি গ্ৰীণ টি ব্যৱহাৰ কৰিবলৈ বিচাৰে, প্ৰথমে আপোনাৰ ছালখন ভালদৰে চাফা কৰি ল'ব। ইয়াৰ পিছত গ্ৰীণ টি তিয়াই লৈ সেই পানীখিনি কপাহৰ সহায়ত শালমইনাত প্ৰয়োগ কৰিব। এনেদৰে আধা ঘণ্টা থকাৰ পিছত মুখখন ধুই পেলাব। যদি আপুনি বিচাৰে, এনেদৰে আপুনি গোটেই নিশাটো ৰাখিব পাৰে।

নিম-গোলাপৰ পানী

নিমৰ এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ইনফ্লেমেটৰী গুণ আছে। গোলাপৰ পানীয়ে ট'নাৰৰ দৰে কাম কৰে। ই ছালৰ জ্বলা-পোৰা হ্ৰাস কৰাৰ লগতে ছালৰ পি.এইচ. স্তৰ বজাই ৰাখে। যিয়ে শালমইনা দূৰ কৰাত সহায় কৰে।

ইয়াক কেনেদৰে প্ৰয়োগ কৰিব

সতেজ নিম পাত পিছি এটা ডাঠ পেষ্ট এটা প্ৰস্তুত কৰিব। এতিয়া এই পেষ্টটোত কেইটোপালমান গোলাপ জল ভালদৰে মিহলি কৰি শুকাবলৈ দিব। শুকুৱাৰ পাছত মুখখন পৰিস্কাৰ পানীৰে ভালদৰে ধুই পেলাব।

এপল চাইডাৰ ভিনেগাৰ

এপল চাইডাৰ ভিনেগাৰক বহুতো সমস্যাৰ চিকিৎসা হিচাপে ব্যৱহাৰ কৰা হয়। ই আপোনাক শালমইনা আঁতৰোৱাতো সহায় কৰিব পাৰে। এপল চাইডাৰ ভিনেগাৰত এণ্টিবেক্টেৰিয়েল, এণ্টি-ইনফ্লেমেটৰী আৰু জৈৱিক এচিড আছে, যিয়ে ছাল এক্সফলিয়েট কৰাত সহায় কৰে। 

এনেদৰে প্ৰয়োগ কৰক

এক চামুচ এপল চাইডাৰ ভিনেগাৰৰ লগত এক চামুচ পানী মিহলাই কপাহৰ পেডৰ সহায়ত শালমইনাত লগাব। মুখখন ভালদৰে শুকাবলৈ দি ১০-২০ মিনিটৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাব।

Also Read: 'সৌন্দৰ্যৰ ৰাণী' ঐশ্বৰ্যই কিদৰে ছাল-চুলিৰ যত্ন লয়, আপুনিও জানি লওঁক