/asomiyapratidin/media/media_files/2025/05/28/I2JmJLqGdilW5tHT1fFP.jpg)
ডিজিটেল ডেস্ক : হয়, বেয়া খবৰ ! লিভাৰৰ কৰ্কট ৰোগত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কৰ ইব্ৰাহীম। ইনষ্টাগ্ৰামত প'ষ্ট দি সকলোকে এই খবৰ দিলে দীপিকাই। প'ষ্টটোত দীপিকাই লেখিছে, 'কেইসপ্তাহমানৰ পৰা আমাৰ খুব বেয়া সময় চলি আছে। মোৰ পেটৰ ওপৰৰ অংশত বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈছিলো। কিন্তু তাৰ পিছত গম পাইছো যে মোৰ লিভাৰত টেনিছ বলৰ আকাৰৰ টিউমাৰ হৈছে আৰু তাৰ পিছত গম পাইছো যে টিউমাৰটো Second stage Malignant (Cancerous)। আমি দেখা, অভিজ্ঞতা হোৱা আটাইতকৈ কঠিন সময়বোৰৰ ভিতৰত এয়া হৈছে অন্যতম। কিন্তু এই পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সাজু মই সাজু, দৃঢ়প্ৰতিজ্ঞ। ইনশ্বাল্লাহ! মোৰ সমগ্ৰ পৰিয়ালটো মোৰ লগত আছে। লগতে আছে আপোনালোক সকলোৰে মৰম আৰু প্ৰাৰ্থনা। মোৰ কাৰণে প্ৰাৰ্থনা কৰিব। বহুত মৰম। দীপিকা।' প'ষ্টটোৰ কেপচনত লেখিছে 'কিপ মি ইন ইউৰ প্ৰেয়াৰ্ছ' অৰ্থাৎ মোক আপোনাৰ প্ৰাৰ্থনাত ৰাখিব।
কি ক'লে দীপিকাৰ স্বামীয়ে ?
ছ'চিয়েল মেডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ছোয়েইব ইব্ৰাহীমে কেপচনত লিখিছে, 'এয়া আমাৰ জীৱনৰ আটাইতকৈ কঠিন পৰ্যায় ।দীপিকাৰ বাবে প্ৰাৰ্থনা কৰিব। বহু উৰাবাতৰি বিয়পি আছে। গতিকে মই অনুভৱ কৰিলো যে মই নিজেই এই বিষয়ে আপোনালোকক কোৱা উচিত। দীপিকাৰ এতিয়াও বহুত কফ, চৰ্দি আৰু বুকুৰ বিষ। গতিকে এই সময়ত অস্ত্ৰোপচাৰ কৰিব নোৱাৰি। সকলো ভাল হ'লে অহা সপ্তাহত দীপিকাৰ অস্ত্ৰোপচাৰ হ’ব। অহা চাৰি-পাঁচ দিনত এই কফ দূৰ হ’ব। ঔষধ সলনি কৰা হৈছে, ৰিস্ক আছে। গতিকে অস্ত্ৰোপচাৰ পিছতহে কৰা হ’ব।'
এই খবৰ ৰাজহুৱা হোৱাৰ লগে লগে স্বাভাৱিকভাৱেই অনুৰাগী তথা বলীউড, টেলিভিছন জগতৰ অভিনেতা-অভিনেত্ৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সকলোয়ে দীপিকাৰ শীঘ্ৰে আৰোগ্য কামনা কৰি ছ'চিয়েল মেডিয়াত প'ষ্ট দি তেওঁক সাহস দিয়া চেষ্ছেটা কৰিছে।