/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/33edbfec-9dc2-4397-995c-7947f8004440/w12.jpg)
ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে গুৱাহাটীৰ চান্দমাৰি কলনীস্থিত পেঞ্চনাৰ ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪ গৰাকী বিদূষী মহিলাক "সদিচ্ছা বঁটা ২০২৩" প্ৰদান কৰা হয় । উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সংগঠন সদিচ্ছাই বিগত ৩ বছৰ ধৰি প্ৰতিবছৰে বিভিন্ন ক্ষেত্ৰৰ নাৰীলৈ বঁটা প্ৰদান কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a2caded8-d4b8-468d-8f72-2bc697381507/eefbe832_d8d3_42b7_b66c_91c02abc7c6b.jpg)
আজি অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য হাজৰিকা,কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, বিশিষ্ট শিল্পী মনীষা হাজৰিকা, জ্যেষ্ঠ সাংবাদিক,সদিচ্ছাৰ মুখ্য উপদেষ্টা প্ৰণয় বৰদলৈ আৰু অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়া, সদিচ্ছাৰ উপদেষ্টা গায়ত্ৰী বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6ab935da-0ca4-4fc8-9374-5ac919708244/6cc36bd0_1c14_407a_b236_7abcab1a6e33.jpg)
এইবছৰৰ অৰুণা বৰুৱা সোঁৱৰণী সদিচ্ছা সমাজসেৱা বঁটা দেহ ব্যৱসায়ত লিপ্ত প্ৰায় ৩ হাজাৰ মহিলাক সংস্থাপনৰ দিহা কৰা গ'ল্ড স্বেচ্ছাসেৱী সংগঠনৰ কাৱেৰী শৰ্মাক প্ৰদান কৰা হয়। ইফালে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মঞ্জু বৰাক প্ৰদান কৰা হয় আৰাধনা বৰুৱা সোঁৱৰণী সদিচ্ছা সাংস্কৃতিক বঁটা ২০২৩।
মিনতি বৰুৱা সোঁৱৰণী সদিচ্ছা সাহিত্য বঁটা ২০২৩ লাভ কৰে বিশিষ্ট সাহিত্যিক লীনা শৰ্মাই । সদিচ্ছা উদ্যোগী বঁটা ২০২৩ বঁটা 'এলফ্ৰেস্ক' গ্ৰেণ্ড' জাহাজত নৌকা বিহাৰৰে অসমত নৌকা পৰ্যটনত অগ্ৰণী ভূমিকা লোৱা শান্তি দলেক প্ৰদান কৰা হয়।
বঁটা প্ৰাপকসকলক ফুলাম গামোচা, অংগ বস্ত্ৰ, ফুলৰ কলি, স্মাৰক ট্ৰফীৰ লগতে ১০হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে উদীয়মান সাংবাদিক জবা দাসক দিয়া হয় সদিচ্ছা সাংবাদিক সন্মান, ২০২৩।
'সদিচ্ছা'ৰ সভাপতি মনালিছা বৰুৱাই আদৰণি ভাষণ আগবঢ়াই সদিচ্ছাৰ যাত্ৰাপথত সহায় সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনায়। ভাষণ প্ৰসংগত সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাই ' সদিচ্ছা'ৰ প্ৰয়াসৰ শলাগ লয়।
Also Read: পত্নীক হত্যা কৰি পুতি থ'লে নাৰায়ণ দাসে, খান্দি উলিওৱা হ'ল মৃতদেহ