পত্নীক হত্যা কৰি পুতি থ'লে নাৰায়ণ দাসে, খান্দি উলিওৱা হ'ল মৃতদেহ

পত্নীক হত্যা কৰি পুতি থোৱাৰ সন্দেহ এজন লোকৰ বিৰুদ্ধে। শনিবাৰে পোহৰলৈ আহে সমগ্ৰ ঘটনা।
পত্নীক হত্যা কৰি পুতি থ'লে নাৰায়ণ দাসে, খান্দি উলিওৱা হ'ল মৃতদেহ

ডিজিটেল ডেস্কঃ নগাঁৱৰ ডিমৰুগুৰিৰ কেঁচাআলি পথত সংঘিটত হৈছে চাঞ্চল্যকৰ ঘটনা। পত্নীক হত্যা কৰি পুতি থোৱাৰ সন্দেহ এজন লোকৰ বিৰুদ্ধে। শনিবাৰে পোহৰলৈ আহে সমগ্ৰ ঘটনা।

নাৰায়ণ দাস নামৰ লোকজনে এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে নাৰায়ণ দাস।

নাৰায়ণ দাসৰ পত্নীৰ নাম মমী দাস। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু দণ্ডাধীশ। তেওঁলোকৰ উপস্থিতিতেই খান্দি উলিওৱা হয় মৃতদেহতো।

পেছাত ই-ৰিক্সা চালক নাৰায়ণ দাস। মদ্যপান কৰি সঘনাই পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল নাৰায়ণ। ইতিমধ্যে আৰক্ষীয়ে মৃতদহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব এই হত্যাকাণ্ডৰ কাৰণ।

পত্নীক হত্যা কৰি পুতি থ'লে নাৰায়ণ দাসে, খান্দি উলিওৱা হ'ল মৃতদেহ
ভাৰত-বাংলাদেশ সীমান্তত নিচাযুক্ত দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in