ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিনৰ অভূতপূৰ্ব সম্পাদক, নিৰ্ভীক সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱসত আজি অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত তেওঁৰ একালৰ সতীৰ্থ, সকলো বিভাগৰ কৰ্মচাৰী, সংবাদ কৰ্মীৰ উপস্থিতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
/asomiyapratidin/media/media_files/2025/05/17/VfijN17YzNqv1kQpfzKV.jpeg)
পৰাগ কুমাৰ দাসৰ একালৰ সতীৰ্থ তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট সমাজ কৰ্মী তথা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন ভট্টাচাৰ্যই প্ৰথমে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পিছত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ডেস্ক হেড মৃদুল কুমাৰ সন্দিকৈয়েও বন্তি প্ৰজ্বলন কৰি ছহিদ সাংবাদিকগৰাকীক স্মৰণ কৰে।
/asomiyapratidin/media/media_files/2025/05/17/3ga8kkbQXnZgq28REPmu.jpeg)
তাৰ পিছতেই একাদিক্ৰমে অসমীয়া প্ৰতিদিনৰ ডিটিপি, প্ৰুফ, প্ৰচলন, বিজ্ঞাপন, একাউণ্টছ আদি বিভাগৰ জ্যেষ্ঠ, কনিষ্ঠ কৰ্মচাৰীসকলৰ উপৰিও অসমীয়া প্ৰতিদিন ডিজিটেল আৰু প্ৰতিদিন টাইম ডিজিটেলৰ সংবাদ কৰ্মীসকলেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ সতীৰ্থ তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই ছহিদ সাংবাদিকগৰাকীক প্ৰতিদিন গোষ্ঠীৰ আত্মা বুলি অভিহিত কৰি তেওঁৰ আদৰ্শ আৰু দৰ্শনক নিজৰ কৰ্মৰ মাজেৰে জীয়াই ৰাখি দায়বদ্ধতাৰে সকলোৱে কাম কৰি যোৱাৰ পোষকতা কৰে।
/asomiyapratidin/media/media_files/2025/05/17/RYzlbxVJQmULgaeCAWbd.jpeg)
পুৱা প্ৰায় ১০:৩০ বজাত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পৰৱৰ্তী সময়তো অব্যাহত থাকে। কাৰ্যালয়লৈ অহা কৰ্মচাৰীসকলে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নিজৰ নিজৰ কামত ধৰে।