/asomiyapratidin/media/media_files/2025/05/16/UI5bie5ELHgoeo4L4YXl.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত গা লৰিল লোক নিৰ্মাণ বিভাগৰ। গুৱাহাটীৰ বাটে-পথে বেআইনী ভাৱে লগাই থোৱা ইউনিপল হৰ্ডিংসমূহ আঁতৰোৱাৰ নিৰ্দেশ প্ৰদান কৰিলে লোক নিৰ্মাণ বিভাগে।
অসমীয়া প্ৰতিদিন ডিজিটেলে গুৱাহাটীৰ প্ৰতিটো পথ, উপ-পথত অনীতিগত ভাৱে লগাই থোৱা ইউনিপল হৰ্ডিং সমূহৰ সন্দৰ্ভত যোৱা সময়ছোৱাত একাধিক বাতৰি প্ৰকাশ কৰিছিল। জন সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই অনীতিগত কিদৰে ইউনিপল হৰ্ডিংসমূহে মকৰা জালৰ দৰে গুৱাহাটীৰ প্ৰতিটো পথক আৱৰি ধৰিছে সেয়া দেখুৱাই তাৰ সাম্ভাব্য বিপদৰ কথা উল্লেখ কৰি প্ৰকাশ কৰা বাতৰিৰ পিছতেই তাৰ সত্যতা প্ৰমাণ হৈছিল।
যোৱা ১০ মে’ৰ নিশা অহা এজাক ধুমুহা বৰষুণতে গুৱাহাটীৰ মাজমজিয়াৰ বিভিন্ন স্থানত ৰাজপথৰ মাজতে কিদৰে ইউনিপল হৰ্ডিংসমূহ ভাঙি পৰিছিল আৰু জন জীৱনলৈ কিদৰে ভাবুকি কঢ়িয়াই আনিছিল, ৰাজপথত যানজঁটৰ সৃষ্টিৰে প্ৰতিকূল বতৰত যি অবৰ্ণনীয় পৰিবেশৰ সূচনা কৰিছিল সেই দৃশ্যও একে নিশাই দায়িত্ব সহকাৰে দেখুৱাই বাতৰি প্ৰকাশ কৰা হৈছিল অসমীয়া প্ৰতিদিন ডিজিটেলত।
সেই ঘটনাৰ পিছত আজি গুৱাহাটীৰ একাধিক ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ প্ৰদান কৰি লোক নিৰ্মাণ বিভাগে জাননী জাৰি কৰা প্ৰত্যক্ষ হৈছে। গুৱাহাটীৰ কেইবাটাও স্থানত ৰাজপথৰ মাজত থকা ইউনিপল হৰ্ডিঙত লোক নিৰ্মাণ বিভাগৰ দিছপুৰ টেৰিটৰিয়েল ৰোড ছাব ডিভিজন-২ৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই স্বাক্ষৰ কৰা জাননী লগাই দিয়া হৈছে।
জাননীখনত স্পষ্টকৈ বেআইনী ভাৱে ইউনিপল হৰ্ডিংসমূহ লগোৱাৰ কথা উল্লেখ কৰি এই কথাও কোৱা হৈছে যে যিসকলে এই কাম কৰিছে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণৰ লগতে জৰিমণাও বিহা হ’ব। উল্লেখ্য যে, ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়ম অনুসৰি চহৰৰ ভিতৰত অধিক যানবাহন চলাচল কৰা পথত লগাব নোৱাৰি এনে ধৰণৰ ইউনিপল হৰ্ডিংসমূহ।
তাৰোপৰি এল ই ডি সম্বলিত ইউনিপল হৰ্ডিং চহৰৰ ভিতৰৰ পথত লগোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়মৰ আধাৰতে। এনে ইউনিপল হৰ্ডিঙৰ ফলত চালকৰ অসুবিধা আৰু মনোযোগ বিচ্ছিন্ন কৰাৰ সুযোগ থকাৰ বাবেই এই হৰ্ডিংসমূহ চহৰৰ মাজত লগাব নোৱাৰি।
কিন্তু তাৰ পাছতো গুৱাহাটীৰ মাজ মজিয়াত ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়ম উলংঘন কৰি আজিও ভৰ্তি হৈ আছে হৰ্ডিংসমূহ। এইসমূহ দেখিও নেদেখাৰ ভাও ধৰি আহিছিল লোক নিৰ্মাণ বিভাগে।
প্ৰশ্ন হয়, গুৱাহাটীৰ প্ৰতিটো মূল পথৰ মাজমজিয়াৰ লগতে পথৰ কাষতো জিলিকি থকা এই হাজাৰ হাজাৰ ইউনিপল হৰ্ডিংসমূহ সংশ্লিষ্ট বিভাগৰ অনুমতি অবিহনে, অনীতিগত ভাৱে কোনে, কেনেকৈ লগাবলৈ সাহস কৰিছিল? ইয়াৰ আঁৰত কোনে চলাই আছিল কমিছনৰ অংক?
এই বিষয়টোও তদন্তলৈ অনাৰ প্ৰয়োজন আছে। সংশ্লিষ্ট বিভাগে পলমকৈ হলেও ইউনিপল হৰ্ডিং আঁতৰোৱাৰ বাবে জাননী লগোৱাৰ দৰেই কমিছনৰ অংকত থকা সেইসকল ক্ষমতাশালী লোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ কৰাৰো নিশ্চয়কৈ প্ৰয়োজন আছে।