কামৰূপ মহানগৰত 'বিশ্ব মেলেৰিয়া' দিৱস পালন...

২৫ এপ্ৰিলৰ দিনা সমগ্ৰ বিশ্বৰ লগতে অসমৰো বিভিন্ন স্থানত পালন কৰা হৈছে বিশ্ব মেলেৰিয়া দিৱস।

author-image
Asomiya Pratidin
New Update
কামৰূপ মহানগৰত 'বিশ্ব মেলেৰিয়া' দিৱস পালন...

ডিজিটেল ডেস্কঃ ২৫ এপ্ৰিলৰ দিনা সমগ্ৰ বিশ্বৰ লগতে অসমৰো বিভিন্ন স্থানত পালন কৰা হৈছে বিশ্ব মেলেৰিয়া দিৱস। কামৰূপ জিলাৰ সোণাপুৰখণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত তামুলীকুছী মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ অধীনত তথা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, কামৰূপ মহানগৰৰ উদ্যোগত বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয়।এই দিৱসৰ লগত সংগতি ৰাখিয়েই স্বাস্থ্য সজাগতা সভাৰ লগতে প্ৰদৰ্শনী, শোভাযাত্ৰা, চিত্ৰাংকন প্ৰতিযোগীতা আদি অনুষ্ঠিত হয়।

Advertisment

উক্ত সজাগতা সভাত মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতা সম্পৰ্কে আলোচনা কৰা হয়। জ্বৰ হ'লেই তেজ পৰীক্ষাৰ উপৰিও চিকিৎসকৰ ওচৰ চপাৰ পৰামৰ্শ দিয়ে এই সজাগতা সভাত। উক্ত সভাত কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া, সহকাৰী স্বাস্থ্য সেৱা সঞ্চালক, ডেংগু নডেল বিষয়া, জিলা মেলেৰিয়া বিষয়া, জিলা বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰামৰ্শ দাতা, তামুলীকুছী ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া, তামুলীকুছী মধ্য ইংৰাজী বিদ্যালয় -উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী, প্ৰধান শিক্ষক, সহ শিক্ষক-শিক্ষয়ত্ৰী আদি উপস্থিত থাকে।

ইয়াৰোপৰি তামুলীকুছী আৰু আপৰিকুলা গাঁৱৰ গাঁওবুঢ়া প্ৰমুখ্যে সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মেলেৰিয়া কৰ্মী MI/MTS/BHI/SW/RBSK দল তথা সৰুতাৰী উপ স্বাস্থ্য কেন্দ্ৰৰ এ এন এম আৰু আশা কৰ্মী উপস্থিত থাকি বিশেষ পৰামৰ্শ আগবঢ়ায়।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে ২০০৭ চনৰ পৰাই বিশ্ব ৱমেলেৰিয়া দিৱস পালন কৰি অহা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছতে প্ৰথমে আফ্ৰিকাৰ দেশ সমূহত এই দিৱস মূলত পালন কৰা হৈছিল। প্ৰতিবছৰে বিশ্ব স্বাস্থ্য সংস্থাই এক বিশেষ থীমৰ সহায়ত এই দিৱস পালন কৰে। ২০২৩ বৰ্ষৰ মেলেৰিয়া দিৱসৰ থীম আছিল- মেলেৰিয়াৰ বিৰুদ্ধে যুঁজিবলৈ সাজু।

Also Read: অসম কৃষি বিশ্ববিদ্যালয়ত চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আৰম্ভ

world malaria day