অসম কৃষি বিশ্ববিদ্যালয়ত চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ত চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আৰম্ভ

ডিজিটেল সংবাদ, যোৰহাটঃ কৃষিত সামগ্ৰিক পৰিবৰ্তন হ'ব কেৱল গৱেষকসকলৰ জৰিয়তেহে । জলবায়ু পৰিবৰ্তিত পৰিস্থিতিত যিহেতু কৃষিৰ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিছে ,সেয়ে এই দিশত সময়োচিত চিন্তাৰে আগবাঢ়িব লাগিব। পানী আৰু মাটিৰ সৰ্বোৎকৃষ্ট ব্যৱহাৰৰ জৰিয়তে জলবায়ু পৰিবৰ্তিত পৰিস্থিতিত কৃষিকাৰ্য আগবঢ়াই নিব লাগিব। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হোৱা আন্তৰাষ্ট্ৰীয় সন্মিলন উদ্ধোধন কৰি এই মত ব্যক্ত কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ।

' জলবায়ু পৰিবৰ্তিত পৰিস্থিতিত জৈববৈচিত্ৰ , খাদ্য সুৰক্ষা আৰু বহনক্ষমতা ' শীৰ্ষক সন্মিলনৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত ৰাজ্যপালে লগতে কয় যে বিশ্বৰ প্ৰায় আশী শতাংশ খেতি বৰষুণৰ ভিত্তিত হয়। জলবায়ু পৰিৱৰ্তনৰ প্ৰেক্ষাপটত এফালে যদি বৰষুণ কমিছে আনফালে আকৌ জনসংখ্যা বৃদ্ধিৰ বাবে খেতিৰ মাটিৰ সংখ্যা কমিছে ।এনে সময়ত অধিক উৎপাদনক্ষম আৰু সহজে নষ্ট নোহোৱা শস্যৰ উৎপাদনৰ জৰিয়তে আগুৱাই যাব লাগিব। অসম কৃষি বিশ্ববিদ্যালয় কৃষি বিজ্ঞান গুৰু ড: জয়ন্ত ডেকাই আদৰণি ভাষন আগবঢ়োৱা উদ্ধোধনী অনুষ্ঠানত ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড: জীন বেলীয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।

বিশ্বৰ কোনো দেশেই জলবায়ু পৰিবৰ্তিত পৰিস্থিতিত কৃষিকাৰ্যত হোৱা ক্ষতিৰ পৰা হাত সাৰিব পৰা নাই বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত লগতে কয় যে এই দিশত কৃষি শিক্ষাইহে কৃষিৰ পৰিবৰ্তনৰ দিশত মূল ভূমিকা গ্ৰহণ কৰিব পাৰিব। খাদ্য ব্যৱস্থাৱলীত পৰিবেশ তন্ত্ৰৰ অনুকুলকৈ পৰিবৰ্তন আনিব লাগিব। এনে দিশত পৰিবৰ্তন আনিবৰ বাবে কৃষি বিশ্ববিদ্যালয়সমূহে পদ্ধতিগত ভাবে শক্তিশালী বীজৰ জৰিয়তে অধিক তৎপৰতাৰে আগুৱাই যাব লাগিব। সমান্তৰালভাৱে প্ৰযুক্তিগত দিশতো আগবাঢ়িব লাগিব।

সন্মিলনৰ আয়োজক সমিতিৰ সাংগঠনিক সম্পাদক ড: ৰঞ্জন দাসে উদ্দেশ্য ব্যাখ্যা কৰা উদ্ধোধনী অনুষ্ঠানত প্ৰফেছৰ এইচ এছ শ্ৰীবাস্তৱ ফাউণ্ডেশ্যনৰ ফৰ চায়েন্স এণ্ড ছ'ছাইটিৰ উপ সভাপতি ড: এন ৰঘুৰামে ছ'ছাইটিৰ বিষয়ে পৰ্যালোচনা আগবঢ়াই ।সন্মিলনৰ উদ্ধোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই প্ৰাকৃতিক সম্পদৰাজিৰ যথাসাধ্য কম ক্ষতিৰ জৰিয়তে বা পুনৰগঠন, পুনৰব্যৱহাৰ আৰু পুনৰাবৰ্তনৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মৰ বাবে দিকনিৰ্দেশনা তৈয়াৰ কৰা উচিত বুলি মত ব্যক্ত কৰে।

ড: প্ৰিয়দৰ্শিনী ভৰালীয়ে আঁত ধৰা উদ্ধোধনী অনুষ্ঠানত সন্মিলনৰ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখনৰ লগতে আন চাৰিখন কৃষি সম্পৰ্কীয় গ্ৰন্থ উন্মোচন কৰাৰ লগতে দিল্লী বিশ্ববিদ্যালয়ৰ ড: পৰমজিত খুৰানাক ফাউণ্ডেশ্যনৰ ২০২০-২১ বৰ্ষৰ অ'মেন লিডাৰশ্বিপ এৱাৰ্ড প্ৰদান কৰা হয়। উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ২১ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে । চাৰিদিনীয়া সন্মিলনখনত সমগ্ৰ বিশ্বৰ ২০০খন প্ৰতিষ্ঠানৰ পৰা ৯৫০খন গৱেষণা পত্ৰ উপস্থাপন কৰা হ'ব ।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ শতাধিক বিজ্ঞানী, ছাত্ৰ - ছাত্ৰী,এন জি অ কৰ্মী, বহুৰ্জাতিক কোম্পানী, প্ৰগতিশীল কৃষক প্ৰতিনিধি উপস্থিত থকা সন্মিলনখন উপলক্ষে অনুষ্ঠিত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড: জীন বেলীয়ে ।অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট কৃষি মহাবিদ্যালয় আৰু প্ৰফেছৰ এইচ এছ শ্ৰীবাস্তৱ ফাউণ্ডেশ্যনৰ ফৰ চায়েন্স এণ্ড ছ'ছাইটিৰ যুটীয়া উদ্যোগত আয়োজিত সন্মিলনৰ চাৰিটা দিনত বিভিন্ন শাখাত কেন্দ্ৰীয় বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু সংস্থাৰ লগতে বেচৰকাৰী সংস্থাসমুহে বিভিন্ন বিষয়ত গৱেষণা পত্ৰ উপস্থাপন কৰিব ।

অসম কৃষি বিশ্ববিদ্যালয়ত চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আৰম্ভ
''যদি ভাগ্যত আছে তেন্তে ৰাজনাথ সিং হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী''

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in