যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ কাকপথাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।

author-image
Asomiya Pratidin
New Update
যুৱ-ছাত্ৰ পৰিষদৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

যুৱ-ছাত্ৰ পৰিষদৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, কাকপথাৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত ২০২৫ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহত্তৰ কাকপথাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।

Advertisment

"বিশেষ সম্বৰ্ধনা" অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি শিৱ কলিতা আৰু মায়াৰাণী লাহন, সহকাৰী সাধাৰণ সম্পাদকদ্বয় ছাবিৰ আহমেদ, সুৰজিৎ মৰাণ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নৱজ্যোতি বৰা আৰু সোণমনি চলিহা। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বৃহত্তৰ কাকপথাৰ অঞ্চলৰ ৩০০ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

কাকপথাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ