/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d905644a-e3de-4371-a02f-b3e682f7e1fa/scooty.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ আৰক্ষীৰ সফলতা । জিলাখনৰ মথুৰাপুৰ আৰক্ষী থানা এলেকা নিমনাগড় শ্ৰীপুৰ অঞ্চলৰ ৰঞ্জন দুৱৰা নামৰ লোকজনৰ বাহন এখন হেৰাইছিল ।
AS 04 AD 6420 নম্বৰৰ স্কুটিখন যোৱা ৩ মে'ৰ নিশা চুৰি হৈছিল । ঘটনা সন্দৰ্ভত থানাত দাখিল কৰা হয় এজাহাৰ । চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ এটি দলে নাগালেণ্ডৰ টিজিতৰ অভিযান চলায় ।
মঙলবাৰে নাগালেণ্ডৰ মন জিলা টিজিতৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে বাহনখন ৷ বাহন খন উদ্ধাৰ কৰাৰ পিছতেই চৰাইদেউ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে বাহন খনৰ গৰাকীয়ে ।
Also Read: কয়লা কেলেংকাৰী, দুগৰাকী বিধায়কসহ এগৰাকী আই এছ বিষয়াৰ মুঠ ৫১ কোটি টকা জব্দ...