/asomiyapratidin/media/media_files/2025/05/28/L2GJjPBiyUoOVxQgKa88.jpg)
ডিজিটেল সংবাদ, ডবকা : তামিলনাডু আৰক্ষীয়ে চাইবাৰ অপৰাধী চক্ৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অভিযান চলাই কেবাজন অভিযুক্তক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বুধবাৰে হোজাইৰ বিভিন্ন প্ৰান্তত চলে হেকাৰৰ বিৰুদ্ধে অভিযান।
তামিলনাডু আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই হোজাই মোৰাঝাৰ থানাৰ অন্তৰ্গত অকচেক হাতবান্ধা গাঁৱৰ নিখিল চন্দ্ৰ নাথৰ পুত্ৰ নিহাৰ ৰঞ্জন নাথ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তামিলনাডু আৰক্ষীয়ে৷ তামিলনাডুত ৰাজ্যিক চাইবাৰ অপৰাধ তদন্ত কেন্দ্ৰ, চাইবাৰ অপৰাধ শাখাৰ মুখ্য কাৰ্যালয়ত C/NO- 06/2023 U/S- 420 IPC R/W Sec 66D IT Act.গোচৰ পঞ্জীয়ন কৰি ২০২৩ বৰ্ষৰ পৰাই অনুসন্ধানত নামি পৰিছিল আৰক্ষী৷ পূৰ্বেও হোজাইত অভিযান চলাইছিল আৰক্ষীয়ে৷
উক্ত গোচৰৰ ভিত্তিত আজিও দেশৰ ৫ ৰাজ্যত তামিলনাডু ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই বুলি জানিব পৰা গৈছে৷ সমান্তৰালভাৱে গুৱাহাটীতো অভিযান চলাই দলটোৱে ৷ গুৱাহাটীৰ পৰা আটক কৰে নিহাৰ ৰঞ্জন নাথৰ জোঁৱায়েকক। অসমৰ হেকাৰ চক্ৰই বিভিন্ন লোকৰ একাউণ্টৰ পৰা লুটিছিল কোটি কোটি টকা৷ নিহাৰৰ আছে মোৰাঝাৰত এছ বি আই গ্ৰাহক সেৱা কেন্দ্ৰ।
তাৰোপৰি এই চক্ৰটোৰ মূল নায়ক হিচাপে যমুনামুখৰ ৰামিম আহমেদ নামৰ এজন যুৱকক সন্দেহ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, দেশৰ বিভিন্ন লোকৰ পৰা চক্ৰটোৱে লুটিছিল ধন৷ আটকাধীন লোকসকলক হোজাই আদালতত হাজিৰ কৰি তামিলনাডু লৈ লৈ যাব তামিলনাডু আৰক্ষীয়ে৷ তামিলনাডু আৰক্ষীক সহযোগ কৰে অসম আৰক্ষীয়ে৷