/asomiyapratidin/media/media_files/2025/05/28/W3Zut3sfty2HsdP5jfaD.jpg)
অজাপ
ডিজিটেল সংবাদ, গুৱাহাটী : "ৰাজ্যিক মানৱাধিকাৰ আয়োগে অসমৰ ন্যায় বহিৰ্ভূত হত্যাকাণ্ডসমূহৰ (Extra Judicial Killings) তদন্ত কৰোতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো তদন্তৰ আওতালৈ অনা উচিত। কাৰণ অসমৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক গুৱাহাটীলৈ মাতি আনি অপৰাধীক আঁঠুৰ তলত গুলিয়াবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ উক্ত নিৰ্দেশনাৰ পিছতে ৰাজ্যত ন্যায় বহিৰ্ভূত হত্যাকাণ্ড বৃদ্ধি পাইছিল। " - এই গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্য্যপূৰ্ণ দাবী অসম জাতীয় পৰিষদৰ।
দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই বুধবাৰে একবিজ্ঞপ্তিযোগে কয় যে, অসমত ইতিপূৰ্বে হৈ যোৱা এনকাউন্টাৰৰ ঘটনাসমূহৰ তদন্ত কৰিবলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰাজ্যিক মানৱাধিকাৰ আয়োগক নিৰ্দেশনা দিয়াটো আদৰণীয়। ৰাজ্যত আইনৰ শাসন বাহাল কৰিবলৈ তথা আইনৰ শাসনক ব্যাহত কৰাসকলক জৱাবদিহী কৰাৰ ক্ষেত্ৰত উক্ত পদক্ষেপৰ প্ৰয়োজনীয়তা আছিল।
অসম জাতীয় পৰিষদে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰম্ভণিৰে পৰা ন্যায়বহিৰ্ভূত গুলিচালনাসমূহৰ তীব্ৰ বিৰোধিতা কৰি আহিছে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে, আজি উচ্চতম ন্যায়ালয়ে উল্লিখিত নিৰ্দেশনাৰ জৰিয়তে অসম জাতীয় পৰিষদে ইমান দিনে কৈ অহা কথাসমূহৰ ন্যায্যতাকে প্ৰমাণ কৰিলে।
গগৈ আৰু ভূঞাই লগতে কয় যে ২০২১ চনৰ ৫ জুলাই তাৰিখে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল আৰু জিলা আৰক্ষী অধীক্ষকসকল গুৱাহাটীৰ খানাপাৰাত থকা অসম প্ৰশাসনিক পদাধিকাৰ প্ৰশিক্ষণ মহাবিদ্যালয়লৈ মাতি আনি 'অপৰাধীক আঁঠুৰ তলত গুলিয়াবলৈ' নিৰ্দেশ দিছিল। ৰাজ্যৰ তেতিয়াৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক কাষত বহুৱাই লৈ প্ৰদান কৰা নিৰ্দেশনা প্ৰদানৰ পাছত সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে 'এতিয়াৰে পৰা এইটোৱেই অসম আৰক্ষীৰ পেটাৰ্ণ হ'ব' বুলি প্ৰকাশ কৰিছিল। মুখ্যমন্ত্ৰীৰ উক্ত নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি এনকাউন্টাৰৰ ঘটনা বৃদ্ধি পাইছিল।
"গৃহমন্ত্ৰী হিচাপে ড০ শৰ্মাই উক্ত নিৰ্দেশনা প্ৰদানৰ পিছতে যিহেতু ন্যায় বহিৰ্ভূত গুলিচালনা আৰু হত্যাকাণ্ড বৃদ্ধি পাইছিল আৰু অৱশেষত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তেনে ঘটনা সংঘটিত হোৱাটোত উদ্বেগ প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিছে, সেয়ে যিকোনো তদন্তৰ নিয়ম অনুসৰি যাৰ নিৰ্দেশত আইন বহিৰ্ভূত কাৰ্য্য সংঘটিত হৈছে, সেই ব্যক্তিকো তদন্তৰ আওতালৈ অনা উচিত।" - গগৈ আৰু ভূঞাই এইদৰে কয়।