/asomiyapratidin/media/media_files/2025/05/28/wfo1Ot6V3EviyWRpLfrH.jpeg)
গৌৰৱ গগৈয়ে নিজে চহী কৰি পুত্রৰ ভাৰতীয় পাছপোৰ্ট ছাৰেণ্ডাৰ কৰিছিল
ডিজিটেল ডেস্কঃ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ মাজৰ যুঁজখন। গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰাৰ পাছতে উভতি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিয়লি সংবাদমেলত গৌৰৱ গগৈ সম্বন্ধে মুখ্যমন্ত্ৰীয়ে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।
গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভতো সৰৱ হৈ মুখ্যমন্ত্রীয়ে উল্লেখ কৰে, ‘গৌৰৱ গগৈৰ কেৱল ১০% তথ্যহে সদৰী কৰিছে। গৌৰৱ গগৈৰ মন্তব্য নিৰ্লজ্জতাৰ সীমা চেৰাই গৈছে। ইয়াতকৈ নিৰ্লজ্জ মানুহ ৰাজনীতিত দেখা নাই’বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। লগতে সমগ্ৰ বিষয় সন্দৰ্ভত ৰাহুল গান্ধীকো সাঙুৰি আনি‘মই তথ্য সদৰী কৰাৰ পাছত ৰাহুল গান্ধীৰো অনুশোচনা হ’ব’বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণ সম্পূৰ্ণ নিজাববীয়া আছিল। গৌৰৱ গগৈয়ে মিথ্যাচাৰৰ আশ্রয় লোৱাৰ অভিযোগ মুখ্যমন্ত্রীৰ।
ইফালে বুধবাৰে নতুন দিল্লীত সম্বোধন কৰা সংবাদমেলত গৌৰৱ গগৈয়ে উল্লেখ কৰিছিল পত্নী আৰু দুই সন্তানৰ নাগৰিকত্বৰ প্ৰসংগ। পত্নীৰ নাগৰিকত্বৰ বিষযটো ব্যক্তিগত প্ৰসংগ বুলি উল্লেখ কৰি দুই সন্তানে ভাৰতীয় নাগৰিকত্ব নোলোৱাৰ সন্দৰ্ভতো আগবঢ়াইছিল যুক্তি। পিছে গৌৰৱ গগৈৰ এই মন্তব্যক লৈও প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈয়ে নিজে চহী কৰি পুত্রৰ ভাৰতীয় পাছপোৰ্ট ছাৰেণ্ডাৰ কৰিছিল বুলি উল্লেখ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আনকি সেই সময়ত ক’ভিডৰ সংক্রমণ হোৱা নাছিল বুলিও মন্তব্য মুখ্যমন্ত্রীৰ।
আনহাতে,‘গৌৰৱ গগৈ পাকিস্তান ভ্রমণৰ সময়ত তেওঁৰ পত্নী পাকিস্তানত নাছিল’বুলিও এক ভয়ংকৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ সংবাদমেলত কংগ্ৰেছ সাংসদগৰাকীৰ পত্নীয়ে চোৰাংচোৱাৰ তথ্য সংগ্রহ কৰাৰো অভিযোগ তুলে হিমন্ত বিশ্ব শৰ্মাই। আনকি প্রমাণ কৰিব পৰাকৈ সকলো নথিপত্র আছে বুলিও মন্তব্য কৰে। ‘গৌৰৱ গগৈ পাকিস্তানত থকা সময়ছোৱাত কোনো টুইট কৰা নাছিল। গৌৰৱ গগৈ সম্পূৰ্ণৰূপে পাকিস্তানৰ এজেণ্ট’ বুলি অভিযোগ তুলি অহা ১০ ছেপ্টেম্বৰত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্রীৰ।