/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/electricity.jpg)
ডিজিটেল ডেস্কঃ ৰঙিয়াৰ বঙালীকুছিত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন বিদ্যুৎ বিভাগৰ কৰ্মীৰ। দেওবাৰে সংঘটিত হয় এই ঘটনাটো।বিদ্যুৎ বিভাগৰ কৰ্মীজনৰ নাম হামিদুৰ ৰহমান বুলি জানিব পৰা গৈছে।
এটা কাৰখানাত মেৰামতিৰ কাম কৰিবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। এই ঘটনাৰ পিছতে স্বস্তি হাস্পতাল চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উত্তেজিত লোকে মাৰধৰ কৰে বিদ্যুৎ বিভাগৰ কৰ্মীক। বিদ্যুৎ সংযোগ বিচ্ছিন্ন নকৰাকৈয়ে মেৰামতিৰ কাম কৰি আছিল লোকজনে।
Also Read: দিনজোৰা কাৰ্যসূচীৰে মাজুলীত উপস্থিত সাদিন, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা...