/asomiyapratidin/media/media_files/2025/05/22/utZ1rdQXuwBNu5tvUL5I.jpg)
ৰাইজৰ তীব্ৰ প্ৰতিবাদ
ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰা সমষ্টিৰ নামনিগাঁৱৰ এটা বিধ্বস্ত পথে ৰাইজক খুৱাইছে জলা-কলা। পথ নিৰ্মানৰ দাবীত ওলাই আহিল ৰাইজ ৷
উল্লেখযোগ্য যে, লেচু বাগানৰ পৰা নামনিগাঁও ষ্টেডিয়াম সংযোগী পথচোৱা এজাক বৰষুণতে বোকাময় হৈ পৰে ৷ পথচোৱাৰে ৰাইজে অহা-যোৱা কৰাৰ ক্ষেত্ৰত ভুগিবলগীয়া হয় যমৰ যন্ত্ৰণা ।
বোকা-পানী গছকি ৰাইজ আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে অহা-যোৱা কৰিবলগীয়া হৈছে। বিধ্বস্ত পথৰ বাবে অঞ্চলটোলৈ নাহে বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ গাড়ী।
বিশেষকৈ বাৰিষাৰ কালত সংকটজনক ৰোগীক চিকিৎসালয়লৈ নিয়াৰ সময়ত পৰিয়ালৰ লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। নামনিগাঁৱৰ স্থানীয় ৰাইজে পথটি নিৰ্মাণৰ দাবীত ওলাই আহে আৰু বিভিন্ন শ্লগান দি পথটি নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
নামনিগাঁও পঞ্চায়ত কাৰ্যালয়ৰ গাতে লাগি থকা বিধ্বস্ত পথটি নিৰ্মাণৰ ক্ষেত্ৰত পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব অতি লক্ষ্যণীয়।