দিনজোৰা কাৰ্যসূচীৰে মাজুলীত উপস্থিত সাদিন, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা...

দিনজোৰা কাৰ্যসূচীৰে মাজুলীত উপস্থিত সাদিন, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা...

ডিজিটেল ডেস্কঃ দিনজোৰা কাৰ্যসূচী লৈ মাজুলীত উপস্থিত সাদিন, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা। আজি তেওঁ আউনীআটী সত্ৰত ১৫০ বছৰীয়া জয়ন্তী অনুষ্ঠানত অংশ লোৱাৰ কথা । এই অনুষ্ঠানতে আউনীআটী সত্ৰই দামোদৰদেৱ বঁটা প্ৰদান কৰিব সাদিন, প্ৰতিদিন গোষ্ঠী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীক । ব্ৰেইল সংস্কৰণ হেমকোষে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰি হেমকোষক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অমৰ সৃষ্টি হেমকোষৰ ব্ৰেইল সংস্কৰণৰ জৰিয়তে হেমকোষক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আগ-ভাগ লৈ অসমীয়া জাতিলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে এই বঁটা জয়ন্ত বৰুৱাক প্ৰদান কৰা হ'ব ।

ইয়াৰ পূৰ্বেই কিছুসময়ৰ পিছত নতুন কমলাবাৰী সত্ৰ পৰিদৰ্শন কৰি মাজুলীৰ বহুকেইটা সত্ৰৰ সত্ৰাধীকাৰৰ আশীষ গ্ৰহণ কৰিব স্বত্বাধিকাৰগৰাকীয়ে । দুপৰীয়া গড়মূৰত তেওঁ মাজুলীৰ মহাবিদ্যালয় আৰু সমূহ শিক্ষানুষ্ঠানৰ অধ্যাপক শিক্ষক সকলকো সম্বোধন কৰিব ।

ইয়াৰ পিছতেই তেওঁ আউনীআটী সত্ৰৰ মূল অনুষ্ঠানত অংশ ল'ব । কেওটা অনুষ্ঠানতে শতাধিক সংগঠনে তেওঁক সম্বৰ্ধনা জনাব । তেওঁৰ সৈতে পত্নী ৰুবী বৰুৱা, ভগ্নীকে ধৰি সাদিন, প্ৰতিদিনৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্যই আটাইকেইটা অনুষ্ঠানতে ভাগ ল'ব ।

দিনজোৰা কাৰ্যসূচীৰে মাজুলীত উপস্থিত সাদিন, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা...
বালাছোৰৰ ৰে'ল দুৰ্ঘটনা, দিনে নিশাই চলিছে উদ্ধাৰ অভিযান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in