দুলীয়াজান আৰক্ষীয়ে হোৱাটচ এপৰ জৰিয়তে ভাবুকি প্ৰদানৰ অভিযোগ

প'ষ্টটোত তেওঁ সদৰি কৰা অনুসৰি, দুলীয়াজান আৰক্ষীয়ে তেওঁক হোৱাটচ এপৰ জৰিয়তে প্ৰদান কৰিছে ভাবুকি। গ্ৰেপ্তাৰ কৰিলেও আন্দোলন কোনো কাৰণতে স্তব্ধ কৰিব নালাগে বুলিও উল্লেখ কৰিছে শৃংখলে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
গ্ৰেপ্তাৰ হ'ব নেকি শৃংখল চলিহা?

গ্ৰেপ্তাৰ হ'ব নেকি শৃংখল চলিহা?

ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হ'ব নেকি শৃংখল চলিহা? কিছু সময় পূৰ্বে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে সামাজিক মাধ্যমত কৰিছে বিশেষ প'ষ্ট। প'ষ্টটোত তেওঁ সদৰি কৰা অনুসৰি, দুলীয়াজান আৰক্ষীয়ে তেওঁক হোৱাটচ এপৰ জৰিয়তে প্ৰদান কৰিছে ভাবুকি। গ্ৰেপ্তাৰ কৰিলেও আন্দোলন কোনো কাৰণতে স্তব্ধ কৰিব নালাগে বুলিও উল্লেখ কৰিছে শৃংখলে। 

Advertisment

আনহাতে দুলীয়াজান আৰক্ষী তৰফৰ পৰা শৃংখললৈ প্ৰেৰণ কৰিছে আইনী জাননী। ২৩/৫/২৫ তাৰিখে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টা দুলীয়াজান বন্ধ কাৰ্যসূচী আহ্বান জনাইছিল বীৰ লাচিত সেনাই। জাননীৰ জৰিয়তে বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰি শান্তি বজাই ৰখাত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে দুলীয়াজান আৰক্ষীয়ে। অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছে জাননীখনত।

শৃংখল চলিহা