/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/21105316-235f-497f-8268-dd39fed527e1/NANKARBHAIRA.jpg)
ডিজিটেল সংবাদ, নলবাৰী : নলবাৰীৰ নানকাৰভয়ৰাত সুদক্ষ সমাজ সংগঠক দক্ষৰাম বৰ্মনক ৰাজহুৱা সম্বৰ্ধনা আৰু "অদম্য পথিক" অভিনন্দন গ্ৰন্থ উন্মোচন। উন্মোচন কৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ যোগেশ শৰ্মাই।
ডা০ শৰ্মাই উন্মোচনী ভাষণত "সমাজৰ বিকাশৰ বাবে কাম কৰা জন ঈশ্বৰৰ বাৰ্তাবাহক। ঈশ্বৰৰ ইচ্ছাতে তেওঁ দেশ জাতি সমাজৰ মংগলাৰ্থে কাম কৰে আৰু সুন্দৰৰ সাধনা কৰে। এনে মানুহে ৰাইজৰ বুকুত সহজে ঘৰ সাজে।" বুলি মন্তব্য কৰে।
নলবাৰী জিলা সাহিত্য সভা, জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু অসম নাট্য সন্মিলন নলবাৰী জিলা সমিতিয়ে নানকাৰভয়ৰা ৰূপজ্যোতি যুৱক সংঘৰ সহযোগত আজি ডঃ ভূপেন হাজৰিকা আৰু ডঃ মামণি ৰয়চম গোস্বামী সমূহীয়া ভৱনত দক্ষৰাম বৰ্মনক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ লগতে এখন অভিনন্দন গ্ৰন্থ "অদম্য পথিক" উন্মোচন কৰে।
সমগ্ৰ জীৱনজুৰি সামাজিক সংস্কৃতিক চৈতন্যৰে সমাজ সুন্দৰ কৰা এগৰাকী অক্লান্ত, অ-বিশ্ৰান্ত সংগ্ৰামী দক্ষৰাম বৰ্মনৰ ৭৯ সংখ্যক জন্মদিন উপলক্ষে মঙলবাৰে পুৱা ১০ বজাত কথাশিল্পী ত্ৰিদিপ ৰঞ্জন মেধিয়ে আঁত ধৰা অনুষ্ঠানত ৭৯ টা গছপুলি ৰোপণ কৰে। গছপুলি ৰোপণৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বেচদৰ আনন্দ খাটনিয়াৰে।
ইয়াৰ পাছতে নানকাৰভয়ৰা অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা-কৰ্মী আৰু শিশুসকলে কেক কাটি বিশিষ্ট সমাজকৰ্মী দক্ষৰাম বৰ্মনৰ জন্মদিন উদযাপন কৰে। ৰাতিপুৱা ১০-৩০ বজাত ৰাজহুৱা সম্বৰ্ধনা সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে জেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰিয়নাথ বৰ্মন, জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি অতুলচন্দ্ৰ শৰ্মা, নাট্য সন্মিলনৰ জিলা সভাপতি সুশীল মেধি, শিক্ষাব্ৰতী তাৰাপ্ৰসন্ন মেধি আৰু হৰিমন্দিৰ সমিতিৰ সম্পাদক নগেন ডেকাই ।
ৰাজহুৱা সভাখন সঞ্চালনা কৰে বিশিষ্ট নাট্যকাৰ তথা অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই। শৰ্মাই ভাষণত শৰ্মাই কয় যে "মানুহৰ জীৱন পোৱা নোপোৱাৰ, আশা নিৰাশাৰ ৰামধেনুৰ ৰঙেৰে অংকিত এক সূৰ্যমুখী যাত্ৰা। দৰাচলতে দক্ষৰাম বৰ্মন এক দুৰন্ত প্ৰতিভাৰ নাম। এগৰাকী নিভাঁজ সমাজ সংগঠকৰ নাম। এক সুন্দৰ আটিল চেহেৰাৰ সমৃদ্ধ পৰিপক্ক অভিনেতাৰ নাম, গতি আৰু প্ৰগতিৰে সুগ্ৰথিত সৃষ্টিশীল চেতনাৰ নাম দক্ষৰাম বৰ্মন"।
বৃক্ষৰোপণ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি দক্ষৰাম বৰ্মনৰ জীৱন সংগ্ৰাম বিষয়ত ভাষণ দিয়ে শিক্ষাবতী ডঃ দীনমণি ভাগৱতী, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই । আনহাতে অভিনন্দন জ্ঞাপন সভাত,অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয়, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পদাধিকাৰী ডাঃ ভূপেশ চন্দ্ৰ শৰ্মা, নলবাৰী হৰিমন্দিৰ সমিতিৰ সম্পাদক নগেন ডেকা, বিশিষ্ট সমাজ সেৱক গণেশ তামুলী, জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।
সভাত উপস্থিত থাকে সাহিত্যসেৱী গোবিন্দ কলিতা, সমাজসেৱী নগেন দত্ত, বানেশ্বৰ দাস, পৌৰপতি জয়শ্ৰী তালুকদাৰ, দক্ষৰাম বৰ্মনৰ পত্নী বীণাপানী বৰ্মন, নাট্য কৰ্মী প্ৰাণজিৎ লোচন শৰ্মা আদি। ইফালে সুদক্ষ সমাজ সংগঠক, প্ৰবীণ খেলুৱৈ, অভিনেতা, ভকত দক্ষৰাম বৰ্মনক নলবাৰী জিলাৰ বিভিন্ন সংগঠন, সামাজিক অনুষ্ঠান, ক্ৰীড়া সংগঠন, বিশিষ্ট ব্যক্তিসকল, বিদ্যালয় আৰু কলেজ কৰ্তৃপক্ষ আদি কৰি প্ৰায় ডেৰ শতাধিকে ফুলাম গামোচা, ফুলৰ থোপা, পিতলৰ শৰাই, কিতাপ, ফুলাম জাঁপি, চেলেং চাদৰ আৰু মানপত্ৰৰে বিশেষ অভিনন্দন জনাই তেওঁৰ দীৰ্ঘায়ু কামনা কৰে।
সম্বৰ্ধনা গ্ৰহণ কৰি অভিভূত হৈ পৰে দক্ষৰাম বৰ্মন। আবেগিক হৈ থোকাথুকি মাতৰে তেওঁ কয় যে "আপোনালোকৰ ইমান মৰমে মোক বাকৰুদ্ধ কৰি পেলালে। সকলোকে ধন্যবাদ তথা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।" সম্বৰ্ধনা অনুষ্ঠানৰ শেষত শলাগৰে বক্তব্য প্ৰদান কৰে ৰূপজ্যোতি যুৱক সংঘৰ সভাপতি কনক বৰ্মন আৰু সংঘৰ সাধাৰণ সম্পাদক দিলজিৎ বৰ্মনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/09d144ef-64d3-4acc-8482-f57704d021bb/b215f4d6_2f12_441e_8ea8_234076b6fc88.jpg)
Also Read: পঞ্চ ছহিদৰ নিকটাত্মীয়লৈ মুখ্যমন্ত্ৰী সাহাৰ্যঃ বিধায়ক বলিন চেতিয়াই বিতৰণ কৰিলে চেক