কলংপৰীয়া শাখা সাহিত্য সভাৰ বিশেষ অনুষ্ঠান সম্পন্ন

কলংপৰীয়া শাখা সাহিত্য সভাৰ বিশেষ অনুষ্ঠান সম্পন্ন

author-image
Asomiya Pratidin
New Update
কলংপৰীয়া শাখা সাহিত্য সভাৰ বিশেষ অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ গধৰীয়াগাঁৱত কলংপৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মজয়ন্তী অনুষ্ঠান। সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰা 'কলংপৰীয়া শাখা সাহিত্য সভা'ৰ এই বিশেষ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পুৱা গুৰু আসনৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়।

Advertisment

ইয়াৰ পিছতে ক্ৰমে পতাকা উত্তোলন, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ, সাধু কোৱা, কবিতা আবৃত্তি প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। বিয়লি এখনি মুকলি সভা অনুষ্ঠিত হয়।

শাখাৰ সভাপতি থুলেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভা। সভাত নিৰ্দ্দিষ্ট বক্তা হিচাপে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা আৰু সাহিত্যিক-শিল্পী গোলাপ বৰাই অংশগ্ৰহণ কৰে।

অসম সাহিত্য সভাৰ প্ৰতীকী গীত পৰিবেশন, বৰগীত পৰিবেশন, গায়ন-বায়ন নৃত্য পৰিবেশনেৰে সজীৱ কৰি তোলা এই সভাতে প্ৰতিযোগিতাৰ পুৰষ্কাৰসমূহ প্ৰদান কৰা হয়। বিয়লি বন্তি প্ৰজ্বলনৰ অন্তত পতাকা অৱনমনেৰে কাৰ্যসূচী অন্ত পৰে।

Also Read: দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে তিতাবৰত অগ্নিকাণ্ড

assam sahitya sabha