যোৰহাটত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ!

যোৰহাটত নিৰ্বাচন খেলিবলৈ মই ৰেডী-  সাংবাদিকৰ এক প্ৰশ্নত দেওবাৰে এই কথা ঘোষণা কৰে গৌৰৱ গগৈয়ে। যোৰহাটত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীকোআমন্ত্ৰণ জনালে গৌৰৱ গগৈয়ে।

author-image
Asomiya Pratidin
New Update
819d58d9-a551-4693-93cb-e37d139369e1

ডিজিটেল ডেস্কঃ যোৰহাটত নিৰ্বাচন খেলিবলৈ মই ৰেডী-  সাংবাদিকৰ এক প্ৰশ্নত দেওবাৰে এই কথা ঘোষণা কৰে গৌৰৱ গগৈয়ে। যোৰহাটত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীকো আমন্ত্ৰণ জনালে গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে কয় যে,  দলে যিধৰণে নিৰ্দেশ দিয়ে তেনেদৰে  কৰিবলৈ মই সাজু আছো। ইয়াত যদি মুখ্যমন্ত্ৰীয়েও নিৰ্বাচন খেলিবলৈ আহে তেন্তে মই তাৰ বাবেও ৰেডী।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, বিগত কিছুদিনৰ পৰা যোৰহাটৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ত নিৰ্বাচন খেলিব বুলি তীব্ৰ চৰ্চা চলি আহিছে। মুখ্যমন্ত্ৰী তথা দলৰ ৰাজ্যিক সভাপতিয়েও পোনচাতে নাকচ কৰা নাই এই চৰ্চাক। এনে পৰিস্থিতি ২০২৬ৰ নিৰ্বাচনত যোৰহাটত মুখ্যমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা নথকা নহয়।

এই সম্ভাৱনাৰ কথা জানিয়েই শেহতীয়াকৈ গৌৰৱ গগৈয়েও যোৰহাটতলৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। 

গৌৰৱ গগৈ ড হিমন্ত বিশ্ব শৰ্মা