শ্ৰীমন্ত শংকৰগুৰু গ্ৰাম্য পুথিভঁৰাল পৰিচালনা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভাৰ সামৰণি

বটদ্ৰৱা বৰহিছা মুকলি মঞ্চত অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি কালি বিয়লি সম্বৰ্ধনা অনুষ্ঠান, সম্পাদকীয় প্ৰতিবেদন, হিচাপ পৰীক্ষকৰ প্ৰতিবেদন, পুৰণি সমিতিৰ পদত্যাগ আৰু নতুন সমিতি গঠন আদি কাৰ্য্যসূচীৰে সাধাৰণ সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
1 batadrawa

ডিজিটেল সংবাদ, বটদ্ৰৱা:  বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰগুৰু গ্ৰাম্য পুথিভঁৰাল পৰিচালনা সমিতিৰ দুদিনীয়াকৈ অনুষ্ঠিত ত্ৰিবাৰ্ষিক সাধাৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ শনিবাৰে নিশা সামৰণি পৰে। বটদ্ৰৱা বৰহিছা মুকলি মঞ্চত অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি কালি বিয়লি সম্বৰ্ধনা অনুষ্ঠান, সম্পাদকীয় প্ৰতিবেদন, হিচাপ পৰীক্ষকৰ প্ৰতিবেদন, পুৰণি সমিতিৰ পদত্যাগ আৰু নতুন সমিতি গঠন আদি কাৰ্য্যসূচীৰে সাধাৰণ সভা অনুষ্ঠিত হয়।

Advertisment

বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ভোগেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ দেৱ গোস্বামী, তুৱাৰাম বৰুৱা, বদন কলিতাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। পাছত বিয়লি ৪ বজাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। 

নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত বৰগীত, আধুনিক গীত, নৃত্য আদি পৰিবেশন কৰে স্থানীয় শিল্পীসকলে। আনহাতে আজি বিয়লি ৫ বজাত বঁটা বিতৰণী সভাৰ পাছত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাংবাদিক, কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱা আৰু আবু বক্কৰ ছিদ্দিকে পৰিচালনা কৰা ডিজিটেল কুইজ প্ৰতিযোগিতাত অৰ্পনা কলিতা, মধুস্মিতা শইকীয়াই প্ৰথম স্থান, অংশুমান বৰা, প্ৰিঞ্চি প্ৰতীম বৰাই দ্বিতীয় স্থান আৰু ধনিষ্ঠা কলিতা, শৰ্মিষ্ঠা কলিতাই তৃতীয় স্থান লাভ কৰে। পাছত নিশা ১১ বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী সপ্তৰ্ষি আৰু চয়নিকাৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়।

বটদ্ৰৱা