বান পৰিস্থিতি সৈতে মোকাবিলা কৰিবলৈ ১কোটি ৭৫ টকা লাখ মুকলি

দেওবাৰে বিশ্বনাথত উপস্থিত হয় ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত। বিশ্বনাথৰ আৱৰ্ত ভৱনত বিশ্বনাথ জিলাত আগতীয়াকৈ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
বান পৰিস্থিতি সৈতে মোকাবিলা কৰিবলৈ ১কোটি ৭৫ টকা লাখ মুকলি

বান পৰিস্থিতি সৈতে মোকাবিলা কৰিবলৈ ১কোটি ৭৫ টকা লাখ মুকলি

ডিজিটেল সংবাদ, বিশ্বনাথঃ দেওবাৰে বিশ্বনাথত উপস্থিত হয় ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত। বিশ্বনাথৰ আৱৰ্ত ভৱনত বিশ্বনাথ জিলাত আগতীয়াকৈ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

Advertisment

বৈঠকত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ চাৰিআলিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, জিলা আয়ুক্ত মুণিন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক সুভাশীষ বৰুৱায়ো অংশগ্ৰহণ কৰে। সভাৰ অন্তত সাংবাদিকৰ সৈতে মত বিনিময়ত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, বিশ্বনাথ জিলাৰ তিনিওটা বিধান সভা সমষ্টি ক্ৰমে বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধান সভা সমষ্টিত বানপানীৰ সময়ত আগতীয়াকৈ মোকাবিলা কৰিবৰ বাবে ১ কোটি ৭৫ লাখ টকা মোকলাই দিয়ে। ইয়াৰে বিশ্বনাথৰ বাবে ৭৫ লাখ, বিহালী আৰু গহপুৰৰ বাবে ৫০ লাখ টকাকৈ জিলা আয়ুক্তৰ জৰিয়তে মোকলাই দিয়ে। আনহাতে দেওবাৰৰ এই সভাত জলসম্পদ বিভাগৰো পুৰণা কামবোৰ কিমান মেৰামতি হ'ল সেই সন্দৰ্ভতো আলোচনা কৰে বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই।  

কেশৱ মহন্ত বিশ্বনাথ জিলা আয়ুক্ত বিশ্বনাথ