/asomiyapratidin/media/media_files/2025/05/25/6tI4Jh90K2gGk2K5qtzi.png)
ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত দেওবাৰে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিলে এটা পৰিয়ালে। জামুগুৰিহাটৰ কুসুমটোলাৰ ৰুবুল আলি নামৰ ব্যক্তিজনৰ লগতে তেওঁৰ আঠজনীয়া পৰিয়ালটোৱে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ লগতে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কীৰ্তন গৃহত সমগ্ৰ পৰিয়ালটোৱে ললে শৰণ।
শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পৰিয়াটোৱে হিন্দু ধৰ্ম গ্ৰহণ কৰি আলি উপাধিৰ পৰিবৰ্তে হাজৰিকা উপাধি গ্ৰহণ কৰে। শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ বিষয়ববীয়া সকলে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰা পৰিয়লটিক অতি আন্তৰিকতাৰে সংগী কৰি ল'লে।