নগাঁও

নগাঁৱৰ চিলংনীত গৰাকীবিহীন ঘোঁৰা উদ্ধাৰ প্ৰকৃতিপ্ৰেমী যুৱকৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁৱৰ চিলংনীৰ দিলদাৰ হুছেইন নামৰ যুৱক এজনে ২৩ ফেব্ৰুৱাৰীত তেওঁৰ বাৰীত ঘাঁহ খাই থকা অৱস্থাত উদ্ধাৰ কৰে এটা ঘোঁৰা। পৰৱৰ্তী সময়ত কোনোবা গৰাকী ওলালে ঘোঁৰাটো উভতাই দিয়াৰ কথা চিন্তা-চৰ্চা কৰে যুৱজনে।

কিন্তু কেইবাদিন পাৰ হৈ যোৱাত কোনো গৰাকী নোওলাৱাত যুৱকজনে হয়বৰগাঁও আৰক্ষীক লিখিতভাৱে ঘটনাটো অৱগত কৰে। সম্প্ৰতি ঘোঁৰাটোৰ গৰাকী নোপোৱাত বুধবাৰে যুৱকজনে এই কথা সংবাদ মাধ্যমৰ অৱগত কৰি প্ৰকৃত গৰাকীয়ে তেওঁ 86386 89501 নম্বৰত যোগাযোগ কৰি ঘোঁৰাটো লৈ যাবলৈ অনুৰোধ জনায়।

লগতে ঘোঁৰাটো চোৱা-চিতা কৰাত যুৱকজনে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে।