/asomiyapratidin/media/media_files/2025/05/28/YwGkY0nFaWrAQOfmCe2K.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত কুঁজীডাহ উলুবাৰী নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী, ধৰ্মপ্ৰাণ মহিলা কুঞ্জলতা মহন্ত(অকমান)ৰ বুধবাৰে বিয়লি ২ বজাত পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত চিকিৎসাধীন হৈ থকা মহন্তৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ।
উল্লেখ্য যে,নগাঁৱৰ বিৰহ বেবেজীয়াৰ এলেঙী সত্ৰৰ জীয়ৰী তথা কুঁজীডাহ উলুবাৰী নিবাসী প্ৰয়াত শিক্ষক শৰৎ মহন্তৰ পত্নী কুঞ্জলতা মহন্তই শিক্ষয়িত্ৰীৰূপে নগাঁৱৰ মাজগাঁও ভোমোৰাগুৰি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ কৰ্ম সম্পাদন কৰি ২০১০ চনত প্ৰধান শিক্ষয়িত্ৰীৰূপে অৱসৰগ্ৰহণ কৰিছিল। জীৱিত কালত বিভিন্ন সামাজিক-ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত হৈ থকা মহন্তৰ বিয়োগত কুঁজীডাহ-বিৰহ বেবেজীয়াত শোকৰ ছাঁ পৰিছে।তেখেতৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।