/asomiyapratidin/media/media_files/2025/05/29/7LrH1REncwqVFZcWfdkB.jpeg)
জটিল ৰোগত আক্ৰান্ত কণমানি সুৰজ
ডিজিটেল সংবাদ, চিলাপথাৰঃ পৃথিৱীৰ পোহৰ দেখা মাত্ৰ চাৰিমাহহে হৈছে কণমানিটোৰ। মাতৃৰ কোলাতেই সংঘাত সৈতে যুঁজ কৰিব লগা হৈছে এই সেই কণমানি শিশুটিয়ে। মাত্ৰ চাৰিমহীয়া এই শিশুটিৰ জীৱনলৈ এতিয়া নামিছে অন্ধকাৰ। কিয়নো হৃদযন্ত্ৰৰ জটিল ৰোগত আক্ৰান্ত হৈছে কণমানি শিশুটি।
চিলাপথাৰ অঞ্চলৰ ২ নং আৰ্ণে কেম্প বস্তিৰ হীৰেন্দ্ৰ মণ্ডল আৰু প্ৰিয়ংকা মণ্ডলৰ একমাত্ৰ চাৰি মহীয়া পুত্ৰ সুৰজ মণ্ডল আক্ৰান্ত হৈছে হৃদযন্ত্ৰৰ ৰোগত। কণমানি শিশুটিৰ হৃদযন্ত্ৰত আছে ফুটা। শিশুটিৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ ফলত চিকিৎসাৰ বাবে কিছুদিনৰ পূৰ্বে চিলাপথাৰৰ এখন ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰে । তাতে হৃদযন্ত্ৰৰ জটিলতা ধৰা পৰাৰ পিছত ডিব্ৰুগড়লৈ ৰেফাৰ কৰে। পিছে শিশুটিৰ স্বাস্থ্যৰ জটিল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আৰু বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা মুম্বাইলৈ ৰেফাৰ কৰা হৈছে। যাৰবাবে অতি দৰিদ্ৰ পৰিয়ালটোৰ মূৰত এতিয়া সৰগ ভাগি পৰিছে।
ইতিমধ্যে পুত্ৰক চিকিৎসা কৰি সৰ্বশ্ৰান্ত হোৱা পিতৃ মাতৃৰ পুত্ৰক মুম্বাইলৈ লৈ যাবলৈ হাতত এতিয়া ফুটা কঢ়ি এটাও নাই।পুত্ৰৰ শোকত ভাগি পৰা পিতৃ মাতৃয়ে পুত্ৰৰ চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, সাংসদ আৰু বিধায়কক কাতৰ প্ৰাৰ্থনা জনাইছে। লগতে শিশুটিৰ প্ৰাণ ৰক্ষাৰ বাবে আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ সু-হৃদয় ৰাইজলৈ জনাইছে কাতৰ অনুৰোধ। যদি কোনো ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়ায় তেন্তে SBI কুলাজান শাখাত থকা বিনীতা মণ্ডলৰ একাউণ্ট নম্বৰ 43929388329 (IFSC-SBIN0008506) নম্বৰত দিবলৈ অৰ্থ সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। লগতে পিতৃৰ মোবাইল নম্বৰ ৯৯৫৭৭২১৩৫৬ নম্বৰত যোগাযোগ কৰিবলৈ প্ৰাৰ্থনা জনাইছে।