বিশিষ্ট ক্ৰীড়া ক্ৰীড়া সংগঠক গৌৰি শংকৰ ৰয় আৰু নাই...

বিশিষ্ট ক্ৰীড়া সংগঠক গৌৰি শংকৰ ৰয় আৰু নাই।  ৬৫ বছৰ বয়সত বৃক্ক জনিত ৰোগত আক্ৰান্ত হৈ তেওঁ ২৭ মে', ২০২৫ মঙলবাৰে নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । 

author-image
Tushar Pratim
New Update
বিশিষ্ট ক্ৰীড়া ক্ৰীড়া সংগঠক গৌৰি শংকৰ ৰয় আৰু নাই...

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ বিশিষ্ট ক্ৰীড়া সংগঠক গৌৰি শংকৰ ৰয় আৰু নাই।  ৬৫ বছৰ বয়সত বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গৌৰি শংকৰ ৰয়ে ২৭ মে', ২০২৫ মঙলবাৰে নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । 

নগাঁও ক্ৰীড়া সন্থাৰ কাবাদী আৰু এথলেটিক্স শাখাৰ সম্পাদক আছিল প্ৰয়াত ৰয় । নগাঁও চহৰৰ ৰামকৃষ্ণ পথৰ নিবাসী ৰয় নগাঁও বেঙ্গলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শাৰিৰীক নিৰ্দেশক আছিল।

মৃত্যু পৰ্যন্ত তেওঁ নগাঁৱৰ বাঙ্গালী সন্মিলনীৰ উপ সভাপতি হিচাপেও কাৰ্যনিবাহ কৰি আছিল। ধিঙ এক্সপ্ৰেছ খ্যাত হীমা দাসক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত বিশেষ অৰিহনা আছিল প্ৰয়াত ৰয়ৰ ।

বুধবাৰে প্ৰয়াত ৰয়ৰ মৃতদেহ নগাঁৱলৈ অনা হয়। তাৰ পিছতেই অগণন গুনমুগ্ধই  তেওঁলৈ শেষ শ্ৰদ্ধ জ্ঞাপন কৰে। নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ক্ৰীড়া সংগঠক গৌৰি শংকৰ ৰয়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বহু গুণমুগ্ধৰ উপস্থিতিত আজি তেওঁৰ শেষ কৃত্য আমোলাপট্টি শ্মশানত সম্পন্ন হয়। 

ক্ৰীড়া সংগঠক