/asomiyapratidin/media/media_files/2025/05/29/S4FrBGQGqpHIiaFT44cE.jpg)
কাৰ আশীৰ্বাদত পৰ্বতঝোৰাত চলিছে বনধ্বংস যজ্ঞ?
ডিজিটল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাৰ অব্যাহত আছে বনধ্বংস যজ্ঞ। মংলাঝোৰা গাৰোপাৰাৰ পৰা টিপকাই আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বুজন পৰিমাণৰ শাল কাঠ আৰু বহু মূল্যবান গছৰ কুণ্ডা জব্দ কৰাৰ লগতে হস্ত নিৰ্মিত যন্ত্ৰ চালিত এখন বাহন আটক কৰিবলৈ সক্ষম হয়। জব্দ কৃত কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় তিনি লাখৰ অধিক হ'ব বুলি জানিব পৰা গৈছে।
অতি তাৎপৰ্যপৰ্ণ বিষয়টো হৈছে, পৰ্বতঝোৰাত বিয়াগোম বন বিভাগ থকা স্বত্বেও আৰক্ষীয়ে এতিয়া বন বিভাগৰ ভূমিকা পালন কৰিব হৈছে। যাক লৈ বন বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দল সংগঠন। দল সংগঠনৰ অভিযোগ অনুসৰি ডিএফঅ' অবিনাশ বসুমতাৰীয়ে বন দস্যুৰ আগত নিজকে আত্মসমৰ্পন কৰিছে ।অতি সোনকালে ডিএফঅ' অবিনাশ বসুমতাৰীক বদলী কৰণৰ দাবী দল সংগঠনৰ।