জোনাৰাম বৰুৱাৰ বিয়োগত বটদ্ৰৱাত শোক...

নগাঁও জিলাৰ বটদ্ৰৱা বৰভেটি গাঁৱৰ নিৱাসী জোনাৰাম বৰুৱাৰ আজি মৃত্যু হয়। ৮২ বছৰীয়া বৰুৱা বিগত কিছুবছৰ ধৰি অসুস্থ হৈ চিকিৎসা গ্ৰহণ কৰি আছিল। তেওঁৰ মৃত্যুত বিভিন্নজনৰ শোক।

author-image
Tushar Pratim
New Update
জোনাৰাম বৰুৱাৰ বিয়োগত বটদ্ৰৱাত শোক...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  নগাঁও জিলাৰ বটদ্ৰৱা বৰভেটি গাঁৱৰ নিৱাসী জোনাৰাম বৰুৱাৰ আজি মৃত্যু হয়। ৮২ বছৰীয়া বৰুৱা বিগত কিছুবছৰ ধৰি অসুস্থ হৈ চিকিৎসা গ্ৰহণ কৰি আছিল।

Advertisment

জোনাৰাম বৰুৱাই কদমনি পথাৰ বালক মোক্তাৱত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত বৰুৱা অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগতে বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি হিচাপে জড়িত হৈ সমাজ সেৱা আগবঢ়াইছিল।

ব্যক্তিগৰাকীৰ বিয়োগত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ হৈ অধ্যক্ষ দেৱজিৎ মহন্ত, বটদ্ৰৱা নাগৰিক মঞ্চকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ, এগৰাকী জীয়ৰী, জোৱাই, নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা