নগাঁৱৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বুজ ল’লে অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে

নগাঁও জিলাত বৰ্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যেৰে সোমবাৰে উপস্থিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা পশুপালন আৰু পশুচিকিৎসা, মীন আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বুজ ল’লে মন্ত্ৰী কৃষ্ণেন্দু পালে

নগাঁৱৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বুজ ল’লে মন্ত্ৰী কৃষ্ণেন্দু পালে

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাত বৰ্তমান চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যেৰে সোমবাৰে উপস্থিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা পশুপালন আৰু পশুচিকিৎসা, মীন আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল । এই উপলক্ষে নগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত এখন পৰ্য্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে । 

Advertisment

কৃষ্ণেন্দু পাল

বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জিলাখনত অৰুনোদই ৩.০ৰ বৰ্তমান স্থিতি আৰু অগ্ৰগতিৰ সম্পৰ্কত দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে মন্ত্ৰীগৰাকীক অৱগত কৰে । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ খণ্ড উন্নয়ন বিষয়াসকলক স্থানীয় বিধায়কসকলৰ লগত আলোচনা মাধ্যমৰে আঁচনিখন ৰূপায়নত হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায় । 

কৃষ্ণেন্দু পাল

আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, মীন বিভাগ, লোকনিৰ্মান(পথ)কে আদি কৰি বিভিন্ন বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলৰ পৰা তেওঁলোকৰ বিভাগসমূহৰ কাম-কাজৰ বুজ লয় । এই পৰ্য্যালোচনা সভাত নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, জিলা উন্নয়ন আয়ুক্ত দেৱযানি চৌধুৰী, ৰহা আৰু কলিয়াবৰ সমজিলাৰ সমআয়ুক্তদ্বয়, জিলাৰ অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, খণ্ড উন্নয়ন বিষয়াকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।

কৃষ্ণেন্দু পাল