/asomiyapratidin/media/media_files/2025/05/26/gOWK42ZNi4YyH2Xnm1dP.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ সততে জলসিঞ্চনৰ নামত ধনসিঞ্চনৰ কাৰ্যকলাপ চলোৱা বুলি অপবাদ থকা বিভাগটোৱে শেহতীয়াভাবে পূৰ্বৰ দুৰ্নাম নসাৎ কৰি কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলৰ তৎপৰতাত সুদীৰ্ঘ ২৮ বছৰে বিকল হৈ থকা ৰঙাগড়া গভীৰ নলীনাদ আঁচনি পুনৰ কাৰ্যক্ষম কৰাত তৎপৰতা গ্ৰহণ কৰিছে। ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত পূৰ্বৰ ডীজেল ইঞ্জিন চালিত এই আঁচনিখন সৌৰশক্তিৰ দ্বাৰা সঞ্চালন কৰি কৃষক ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰিবলৈ যাৱতীয় সকলো কাম সমাপ্তিৰ ফালে আগবাঢ়িছে।
ব্যৱহাৰ নোহোৱাকৈ পৰি থকাৰ ফলত আঁচনিখনৰ যন্ত্ৰাংশ নতুনকৈ সংস্থাপন কৰি থোৱা গৃহ আৰু নলাসমূহ মেৰামতি কৰি ইতিমধ্যে পৰীক্ষামূলকভাৱে কৃষকৰ পথাৰলৈ পানী বোৱাই নিয়া হৈছে। অনান্য সৰু-সুৰা দুই-এটা কাম সম্পূৰ্ণ হোৱাৰ পাছতেই আনুষ্ঠানিকভাৱে এই আঁচনিখন পুনৰ ৰাইজৰ সেৱাত উৎসৰ্গা কৰা হ'ব।
ই সন্দৰ্ভত কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলৰ কাৰ্যালয়ৰ সূত্ৰ মতে, দীৰ্ঘকাল ধৰি বিকল হৈ থকা ৰঙাগড়া গভীৰ নলীনাদ জলসিঞ্চন প্ৰকল্পটো পূৰ্বৰ চামগুৰি পৰা বৰ্তমান নতুনকৈ সীমা নিৰ্ধাৰণ হোৱা কলিয়াবৰ বিধানসভাৰ অন্তৰ্ভুক্ত হৈছে। পূৰ্বৰ ডীজেল চালিত এই প্ৰকল্পটোৰ যন্ত্ৰাংশ নতুনকৈ সংস্থাপন কৰাৰ লগতে সৌৰশক্তিৰে সঞ্চালন কৰাৰ ব্যৱস্থা কৰা হৈছে।
যি ব্যয় সংকোচনত সহায়ক হ'ব। স্থানীয় কৃষক ৰাইজ এই আঁচনিখন পুনৰ কাৰ্যক্ষম হৈ উঠাত উৎফুল্লিত হৈ উঠাৰ লগতে যোৱা সময়ছোৱাত প্ৰকল্পটোৰ মেৰামতিৰ কাম-কাজতো বিভাগক যথেষ্ট পৰিমাণে সহায় কৰিছে।
আশা কৰিছে, কৃষক ৰাইজে নতুন উদ্যমেৰে কৃষি কাৰ্যত মনোনিৱেশ কৰি অসমৰ কৃষি অৰ্থনীতি টনকিয়াল কৰিব। কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলত নতুনকৈ সৌৰশক্তি চালিত গভীৰ নলীনাদ জলসিঞ্চন আঁচনি সংস্থাপনৰ বাবে দুই কোটি আঠত্ৰিশ লাখ টকা বিভাগে আৱণ্টন দিছে। ইয়াৰে অধিকাংশ সৌৰশক্তিৰ যন্ত্ৰাংশ ভ্ৰাম্যমান ব্যৱস্থাৰে ঠাই বিশেষে নলীনাদৰ লগত সংযোগ কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব।
যি অসমৰ জলসিঞ্চন ব্যৱস্থাত নতুনত্ব আনি কৃষক ৰাইজৰ বিপুল উপকাৰ সানিব বুলি আশা কৰা হৈছে। তদুপৰি, পানী উত্তোলনৰ বাবে নৱ উদ্ভাৱনী ব্যৱস্থাৰে ভ্ৰাম্যমান 'বেৰাজ'ৰো গুণা-গঁথা চলিছে। যাৰ দ্বাৰা কৃষি পথাৰৰ কাষৰীয়া জলাশয়ৰ পৰা প্ৰয়োজন সাপেক্ষে স্থান বিশেষে জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা যাব।
আনহাতে, কলিয়াবৰৰ হাতীমূৰাত থকা এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ উত্তোলিত জলসিঞ্চন আঁচনি 'কলিয়াবৰ কলং সংযোজিত উত্তোলন জলসিঞ্চন আঁচনি' সক্ৰিয় কৰাৰ বাবে বিশেষজ্ঞ দলৰ দ্বাৰা নিৰীক্ষণৰ ব্যৱস্থা কৰিছে বিভাগটোৱে। হাতীমূৰাস্থিত কলং উত্তোলন জলসিঞ্চন আঁচনি'খন পুনৰ মেৰামতি কৰি সক্ৰিয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিভাগে।
এই আঁচনিটোৰ পুৰণি যন্ত্ৰাংশসমূহ মেৰামতিৰ লগতে আনুষংগিক কাম-কাজৰ প্ৰাক্কলন কৰা হৈছে। অৱশ্যে¸ খৰালি নদীৰ বালিচৰে বেৰাজখন আৱৰি ধৰে¸ যাৰ বাবে প্ৰাকৃতিক কাৰণত পানী যোগানত অসুবিধাৰ সন্মুখীন হৈছিল বিভাগটো।
সেই সন্দৰ্ভত তেজপুৰৰ নেৰিৱালম, ৰাষ্ট্ৰীয় জল আয়োগৰ বিশেষজ্ঞই হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা খৰালিতো পানী উত্তোলন কৰি কিদৰে 'কলং উত্তোলিত জলসিঞ্চন আঁচনি'খন সক্ৰিয় কৰি তুলিব পাৰি তাৰ জৰীপ চলি আছে বুলি জানিব পৰা গৈছে।
তদুপৰি, জলসিঞ্চনৰ নলাসমূহৰ মেৰামতি, পৰিস্কাৰকৰণৰ কামো আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছে। শেহতীয়াকৈ ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংঘলৰ তৎপৰতাত আঁচনিখনৰ নলা মেৰামতি, পৰিস্কাৰকৰণৰ বাবে ধন আৱণ্টন দিয়াৰ কথা ঘোষণা কৰিছে।
কলিয়াবৰৰ জলসিঞ্চনৰ বিভিন্ন আঁচনিসমূহ যাতে সুচল হয় তাৰ বাবে বিভাগীয়ভাৱে কৰা ব্যৱস্থাসমূহৰ সুফল কলিয়াবৰৰ কৃষক ৰাইজে অতি সোনকালে লাভ কৰিব বুলি বিভাগটোৰ তৰফৰ পৰা আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ১৯৭২ চনতে হাতীমূৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰিছিল কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিখন।
৮৪৮০ হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষ্যৰে হাতীমূৰাত স্থাপন কৰা হৈছিল এই আঁচনিখন। পৰৱৰ্তী সময়ত ১৯৭৭ চনত হাতীমূৰাত স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আচঁনি নামেৰে দ্বিতীয়খন আঁচনি।
২১ হাজাৰ হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষ্যৰে স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আঁচনি। পিছলৈ আঁচনি দুটাক সংযোগ কৰি এই আঁচনি নাম দিয়া হয় 'কলিয়াবৰ-কলং সংযোজিত উত্তোলন জলসিঞ্চন আঁচনি।