/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/80509676-f21f-48b2-873a-6542dd57cc38/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন আৰু নতুন পেঞ্চন নীতিৰ বাতিলৰ দাবীত ঢকুৱাখনা মহকুমা জুৰি আৰম্ভ হৈছে শিক্ষক কৰ্মচাৰীৰ-কৰ্মবিৰতি কাৰ্যসূচী। ৰাজ্যখনৰ চৰকাৰী শিক্ষক-কৰ্মচাৰীসকলৰ লগতে এন পি এছ কৰ্মচাৰীসকলৰ অৱসৰকালীন স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বায়িত কৰ্মবিৰতি কাৰ্যসূচীৰ ঢকুৱাখনা মহকুমাত মঙলবাৰে সৰ্বাত্মক প্ৰভাৱ পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/31030072-4cd1-43e0-886d-65f54300c182/3e6ef54e_6061_437f_bdcf_579c2dba94c8.jpg)
মহকুমাটোৰ ২ সহস্ৰাধিক এন পি এছ আঁচনিভুক্ত শিক্ষক-কৰ্মচাৰীয়ে কৰ্তব্য সময়ত শিক্ষানুষ্ঠান আৰু বিভাগীয় কাৰ্যালয়ত উপস্থিত হৈ উপস্থিতি বহীত স্বাক্ষৰ কৰি নিয়োজিত কৰ্তব্যৰ পৰা বিৰত থাকে। চৰকাৰী কৰ্মসময়ৰ পৰ্যন্ত নিজ নিজ কাৰ্য্যালয় আৰু শিক্ষানুষ্ঠানত উপস্থিত থাকি নিয়োজিত কৰ্মৰ পৰা বিৰত থাকি এন পি এছ আঁচনি ভুক্ত চৰকাৰী কৰ্মচাৰীসকলে ভৱিষ্যত অন্ধকাৰাচন্ন কৰি তোলা এই নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনিৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ ঐক্যবদ্ধ দাবী জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/fb6aeffa-851d-4f8c-a3df-2a2f12cdab8e/8fb16d28_c1ad_49fd_ae3f_d9b7afb620c3.jpg)
"এক দেশ এক নীতি, পুৰণি পেঞ্চন আমাৰ দাবী"ৰে কেন্দ্ৰীয় সমিতিৰ আহ্বায়িত এই কৰ্মবিৰতি কাৰ্যসূচী মঙলবাৰৰ লগতে বুধবাৰেও অৰ্থাৎ ২২ আগষ্ট আৰু ২৩ আগষ্ট দুদিন ধৰি সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থাকিব। যাৰ পৰিণতিত মঙলবাৰে মহকুমাটোৰ গৰিষ্ঠ সংখ্যক চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানৰ স্বাভাৱিক কাম-কাজ বাধাগ্ৰস্ত হোৱা পৰিলক্ষিত হয়। ন্যাৰ্য প্ৰাপ্য আদায়ৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বায়িত এই গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীলৈ ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ হৈ সভাপতি অতুল চুতীয়া আৰু সাধাৰণ সম্পাদক সুনীল কুমাৰ দত্তই পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/92efbae8-cade-465d-92e8-88729f664a70/c071387b_f63b_4a94_9e74_f9857085f562.jpg)
Also Read: তিনিটাকৈ সন্তানক এৰি নিশাই নিৰুদ্দেশ হ'ল জানমণি...