নীপকোৰ বিৰুদ্ধে লখিমপুৰত অজাযুছাপ ৰ প্ৰতিবাদ...

জিলা প্ৰশাসনক দাবী জনাইছে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে। আজি উত্তৰ লখিমপুৰ জিলা সমিতি আৰু নাওবৈচা আঞ্চলিক সমিতিৰ উদ্যোগত নীপকো বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
werwr

ডিজিটেল সংবাদ,লখিমপুৰঃ  নীপকোৱে ৪০৫ মেগাৱাট সম্পন্ন ৰঙানদীৰ বান্ধ খুলি দিয়াৰ ফলত বানত ককবকাইছে লখিমপুৰবাসীয়ে। বানৰ কবলত নাওবৈচা আৰু ৰঙানদী সমষ্টিৰ প্রায় ১৫০ খন গাঁও। দিনে-নিশাই অপৰিৱৰ্তিত হৈ আছে দুয়োখন সমষ্টিৰ বান পৰিস্থিতি।

Advertisment

এনে পৰিস্থিতিত নাওবৈচা আৰু ৰঙানদীৰ জনসাধাৰণ,পশুধন আৰু সকলোৰে সা-সম্পত্তি নিৰাপত্তাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে। আজি উত্তৰ লখিমপুৰ জিলা সমিতি আৰু নাওবৈচা আঞ্চলিক সমিতিৰ উদ্যোগত নীপকো বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, প্ৰতিবাদকাৰীয়ে নীপকো কৰ্তৃপক্ষৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে লখিমপুৰ জিলা সমিতিৰ সভাপতি জগত শইকীয়া, সাধাৰণ সম্পাদক অৰুণ গগৈ, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰদীপ শৰ্মা লগতে জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া।

লখিমপুৰ ৰঙানদী নীপকো