/asomiyapratidin/media/media_files/2025/05/30/ctGdVhMEh82eQuapMOH7.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সীমাহীন দুৰ্নীতি আৰু অনিয়মৰ ৰম্যভূমি সোনাৰী চাপৰিত অৱস্থিত দক্ষিণ গোঁহাই সমবায় সমিতি লিমিটেড। সমীপৱৰ্তী ৫ খন গাঁও পঞ্চায়তৰ হিতাধিকাৰী আৰু শিক্ষানুষ্ঠানসমূহৰ মাজত চৰকাৰী আঁচনিৰ চাউল বিতৰণৰ নামত এইখন সমবায় সমিতিত সুদীর্ঘ দিন ধৰি অব্যাহত আছে ভয়ংকৰ অনিয়ম ।
প্ৰধানকৈ বিদ্যালয়সমূহৰ মাজত যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল যোগানৰ নামত সমবায় সমিতিখনৰ সভাপতি নৰেন পেগু ,সচিব পৰমানন্দ খনিকৰৰ নিৰ্দেশত ভঁৰাল ৰক্ষক বিপিন পেগুৰ সহযোগিতাত এই বৃহৎ কেলেংকাৰী সংঘটিত হৈ অহাৰ ৰাজহুৱা অভিযোগ অতি পুৰণি । বৃহস্পতিবাৰে এই গুৰুতৰ ৰাজহুৱা অভিযোগৰ সত্যসত্যতা পোহৰলৈ অহা আৰু এই ভয়ংকৰ অনিয়মৰ বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ত প্ৰকাশৰ পৰৱৰ্তী সময়ত ভূমিকম্পৰ সৃষ্টি হৈছে সমবায় সমিতিৰ অভ্যন্তৰত ।
ব্যাপক ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে সোনাৰী চাপৰিবাসীৰ মাজত। আজি একাংশ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে সমবায়খনৰ মজুত ভঁৰালৰ ভিতৰত মধ্যাহ্ন ভোজন লগতে অন্য আঁচনিৰ চাউল মজুত ৰখাৰ পাছতে আৰম্ভ হয় সাংঘাতিক চৌর্য্যবৃত্তিৰ। এডাল পাইপ বস্তা ফালি সুমুৱাই উলিয়াই লোৱা হয় বহু পৰিমাণৰ চাউল ।
পৰৱৰ্তী সময়ত সেই চোৰাং ভাবে সংগ্ৰহ কৰা চাউল কলা বজাৰত বিক্রী কৰা হয় কৌশলেৰে। এনে চৰকাৰী চাউলৰ আবন্টন আহিলেই অবিৰাম গতিত চলে এই চৌৰ্য্য কাৰ্য।
পৰৱৰ্তী সময়ত সমবায় সমিতিখনৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানত যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল এনে চোৰাং ভাবে উলিয়াই লোৱাৰ পাছত নিৰ্দিষ্ট পৰিমানতকৈ বহু পৰিমাণে কমকৈ চাউলৰ বস্তা যোগান ধৰে সমবায়খনৰ তৰফৰ পৰা। একাংশ ভুক্তভোগী প্ৰধান শিক্ষকে অভিযোগ কৰা মতে মধ্যাহ্ন ভোজনৰ নিৰ্ধাৰিত ওজনৰ চাউল সমবায় সমিতিৰ তৰফৰ পৰা যোগান ধৰা বুলি বিদ্যালয়লৈ প্ৰেৰণ কৰে ।
যিহেতু বিদ্যালয়সমূহত কোনো ধৰণৰ ওজন জোখা যন্ত্ৰ নাথাকে সেয়ে সমবায় প্ৰেৰিত চাউলকে শুদ্ধ বুলি গণ্য কৰি আহিছে প্ৰধান শিক্ষক সকলে । তাৎপৰ্যপূৰ্ণ দিশটো হ'ল চাউলৰ বেগসমূহত মেচিন চিলাই উপলব্ধ যদিও প্ৰতিটো বস্তাত নিৰ্দিষ্ট জোখৰ ফটা চিহ্ন দেখা গ'ল ।
য'ত এক বিশেষ ভাৱে প্ৰস্তুত কৰা পাইপ ভৰোৱা হয় চাউল চোৰাং ভাবে উলিয়াবলৈ । বছৰ বছৰ ধৰি এনেদৰে চৰকাৰী আঁচনিৰ চাউলৰ গোপন চোৰাং ক'লা বজাৰ চলাই সভাপতি আৰু সচিবে কোৰোনাৰে ধন অর্জন কৰি অহা বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিলে একাংশ সচেতন ৰাইজে।
সমবায় সমিতিখনৰ সভাপতি, সচিবৰ পদমর্যাদাক অবৈধ ধন আহৰণৰ বাবে অপব্যৱহাৰ কৰি লুটি পুতি খোৱা এই লুণ্ঠনকাৰী চক্ৰটো চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে। "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ তদন্ত কালত উন্মোচিত এই ভয়াবহ অনিয়ম আৰু সমবায়ৰ বগা চাউলৰ ক'লা বেহাৰ বাতৰি প্ৰকাশৰ পাছত তৎপৰ হৈছে ঢকুৱাখনা সমজিলা প্ৰশাসন ।
সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাই এই ভয়ংকৰ ঘটনাৰ সন্দৰ্ভত সমজিলাখনৰ খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগক তাৎক্ষণিক ভাৱে তদন্ত কৰাৰ নিৰ্দেশ দিছে । খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে বিভাগৰ পৰিদৰ্শক শ্যাম কুটুমক তদন্তৰ বাবে দায়িত্ব দিছে।
ৰহস্যজনক ভাবে শুকুৰবাৰে বিদ্যালয় সমূহ ছুটি হোৱাৰ পাছতহে পৰিদৰ্শক কুটুমৰ নেতৃত্বত তদন্তকাৰী দলটো সোনাৰী চাপৰিত উপস্থিত হয় । চৰকাৰী সম্পত্তিৰ চোৰাং বেহা সন্দৰ্ভত চৰজমিন তদন্তৰ বাবে যোৱা বিভাগীয় দলটোৱে বিদ্যালয় সমূহ বন্ধ হোৱাৰ অচিলাৰে কাৰ্য্যালয়লৈ উভতি আহে আৰু কাইলৈ পুনৰ যোৱাৰ আশ্বাস দিয়ে ন্যায় বিচাৰকামী ৰাইজক ।
এনেতে কেইগৰাকীমান সচেতন যুৱকে স্থানীয় সোনাৰী চাপৰি ট্ৰাইবেল হাইস্কুলত সোমাই তদন্ত কৰাৰ দাবী জনোৱাৰ পাছত দলটো গৈ প্ৰধান শিক্ষক গৰাকীৰ সতে আলোচনা কৰে । স্মৰ্তব্য যে সোণাৰি চাপৰি জনজাতি হাইস্কুলৰ মধ্যাহ্ন ভোজনৰ চাউলৰ পাব লাগিছিল মুঠ ১৪কুইণ্টল ৭৭ কিলোগ্ৰাম ।
কিন্তু ১কুইণ্টল ৭৭ কিলোগ্ৰাম চাউল কমকৈ যোগান ধৰি বাকী চাউল কৰ্তন কৰি লুণ্ঠনৰ ফন্দি পাতিছিল এই অপশক্তিটোৱে । পাছত প্ৰধান শিক্ষক গৰাকীক সংবাদ মাধ্যমৰ লগতে স্থানীয় সচেতন যুৱকৰ উপস্থিতিত সচিব গৰাকীলৈ ফোন কৰি প্ৰাপ্যসমূহ চাউল আদায় দিবলৈ কোৱাৰ পাছত এখন টমটমৰ জৰিয়তে কৰ্তন কৰি ৰখা চাউল প্ৰেৰণ কৰিবলৈ বাধ্য হয় ।
সমবায় সমিতিৰ অন্তৰ্গত নীতিনিষ্ঠ অংশীদাৰী আৰু ভুক্তভোগীৰ আশংকা বিভাগীয় এটা অৰ্থলোভী বৃহৎ চক্ৰৰ কৃপা দৃষ্টি আছে এই ভয়ানক চোৰাং চাউল কেলেংকাৰীত । বিভাগৰ চত্ৰছাঁয়াত বছৰ বছৰ ধৰি এনে চোৰাং বেহা চলাই অহাৰ আশংকা কৰি বিভাগীয় তদন্ত কিমান স্বচ্ছ ,নিকা আৰু নিৰপেক্ষ হ'ব তাক লৈ সন্দিহান সমবায়খনৰ অধীনৰ সচেতন ৰাইজ ।
সেয়ে ঢকুৱাখনা সমজিলাৰ এগৰাকী সহকাৰী আয়ুক্তৰ জৰিয়তে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে । উল্লেখযোগ্য যে সুদীর্ঘ দিন ধৰি চোৰাং চাউলৰ ৰমৰমীয়া বেহা চলাই অহা ঘটনাৰ প্ৰত্যক্ষদৰ্শী একাংশই স্বেচ্ছাই সংবাদ মাধ্যমৰ আগত সমস্ত কাণ্ডৰ বিবৰণী দাঙি ধৰি কয় যে, বহু পূৰ্বে এনে দুষ্কাৰ্য বন্ধ কৰিবলৈ কোৱা হৈছিল কিন্তু অবৈধ ধনৰ লোভত পৰি অব্যাহত ৰখা এনে কুকীৰ্তিৰ উচিত ফল পোৱাৰ সময় সমাগত । প্ৰশাসনৰ তদন্তৰ পাছত কি সুদত্তৰ ওলাই তাৰ ওপৰতে নিৰ্ভৰ কৰিছে এই কাণ্ডৰ প্ৰকৃত সত্যসত্যতা ।