ঢকুৱাখনাত সমবায় সমিতিৰ চাউল কেলেংকাৰীঃ মধ্যাহ্ন ভোজনৰ নামত লুণ্ঠন সভাপতি, সচিৱৰ

ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত সোনাৰী চাপৰিৰ সদৰত অৱস্থিত দক্ষিণ গোহাঁই সমবায় সমিতিত এই ভয়ংকৰ লুণ্ঠনৰাজ সংঘটিত হোৱাৰ প্ৰামানিক তথ্য পোহৰলৈ আহিছে। 

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত সমবায় সমিতিৰ চাউল কেলেংকাৰীঃ মধ্যাহ্ন ভোজনৰ নামত লুণ্ঠন সভাপতি, সচিৱৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ বিপৰীতে আবন্তিত চাউলৰ বিপৰীতে ভয়াবহ কেলেংকাৰী সংঘটিত হৈছে ঢকুৱাখনাত। ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত সোনাৰী চাপৰিৰ সদৰত অৱস্থিত দক্ষিণ গোহাঁই সমবায় সমিতিত এই ভয়ংকৰ লুণ্ঠনৰাজ সংঘটিত হোৱাৰ প্ৰামানিক তথ্য পোহৰলৈ আহিছে। 

Advertisment

সংগৃহীত তথ্য মতে ঢকুৱাখনা সমজিলাৰ ৫ খনৰো অধিক পঞ্চায়তৰ শতাধিক গাঁও সামৰি গঠিত হৈছে দক্ষিণ গোঁহাই সমবায় সমিতি লিমিটেড। সমবায় সমিতিখনৰ অধ্যক্ষ হিচাবে দায়িত্বত আছে নৰেন পেগু আৰু সচিব হিচাবে নিয়োজিত হৈ আছে পৰমানন্দ খনিকৰ। 

এইসকল দায়িত্বশীল পক্ষৰ দায়িত্বহীন আৰু অৰ্থলোভী চৰিত্ৰৰ বাবে এতিয়া সোণৰ কণী পৰা হাঁহলৈ পৰ্যবসিত হৈছে মধ্যাহ্ন ভোজন আঁচনিখন।সমবায় সমিতিখনৰ ভঁৰাল ৰক্ষক বিপিন পেগুক সাৰথি কৰি এইসকল দুৰ্নীতি পৰায়ন বিষয়ববীয়াই সুদীর্ঘ দিন ধৰি চলাই আহিছে লুণ্ঠনৰ নির্লজ প্ৰতিযোগিতা। 

প্ৰাপ্ত তথ্য মতে বৃহত্তৰ সোনাৰী চাপৰিৰ অন্তৰ্গত বিদ্যালয়সমূহৰ বিপৰীতে আবন্তিত মধ্যাহ্ন ভোজনৰ চাউল এইসকল সৰ্বগ্ৰাসীযে প্ৰতি বেগৰ পৰা নূন্যতম ৫ৰ পৰা ৬ কিলোগ্ৰাম কমকৈ যোগান ধৰি আহি লুণ্ঠনৰাজ অব্যাহত ৰাখিছে। সংবাদ মাধ্যমৰ উপস্থিতিত ৰাইজে আজি সোনাৰী চাপৰি জনজাতি হাইস্কুলত পৰীক্ষা কৰি প্ৰায় ১ কুইণ্টল ৭৭ কেজি লাভ কৰাৰ বিপৰীতে প্ৰায় ডেৰ কুইণ্টল চাউল কমকৈ যোগান ধৰিছে সমবায় সমিতিযে। 

তদ্ৰুপ ভাবে সোনাৰী চাপৰি নগৰ প্ৰাথমিক বিদ্যালয়লৈ আবন্তিত মধ্যাহ্ন ভোজনৰ চাউল প্ৰায় ২৬ কিলোগ্ৰাম কমকৈ, ৬৫৩ নং সোনাৰী চাপৰি প্ৰাথমিক বিদ্যালয়লৈ আবন্তিত চাউল প্ৰায় ১৩.৫ কিলোগ্ৰাম কমকৈ, খামনমুখ ময়েঙীয়া প্ৰাথমিক বিদ্যালয়ৰ বিপৰীতে আবন্তিত চাউলৰ প্ৰায় ৪৮ কিলোগ্ৰাম কমকৈ যোগান ধৰাতো পোহৰলৈ আহিছে। তাৎপৰ্যপূৰ্ণ দিশ হ’ল এই চৰকাৰী আঁচনিৰ চাউল হৰলুকি কাণ্ডত প্ৰত্যক্ষভাবে জড়িত হোৱাৰ অভিযোগ উত্থাপিত হৈছে সমবায়খনৰ সভাপতি নৰেন পেগু আৰু পৰমানন্দ খনিকৰ। 

এই দুই দুৰ্নীতিগ্ৰস্ত, অৰ্থলোভীয়ে বিগত বছৰ বছৰ ধৰি লুটপাত চলাই অহাৰ বাবেই এক পৰ্বতসম কেলেংকাৰী সংঘটিত হৈছে ঢকুৱাখনাত। উল্লেখযোগ্য যে প্ৰায় ২০১৯ চনৰ পৰা সমবায়খনত সচিব হিচাবে ৰাজহুৱা ভাবে নিযুক্ত হোৱা পৰমানন্দ খনিকৰ আৰু সভাপতি নৰেন পেগুৱে গেৰুৱা দলৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি, বিধায়ক নৱ দলেৰ আশীষধন্য হৈ অব্যাহত ৰাখিছে দৌৰাত্ম্য । 

সচিব পদৰ বাবে কোনো ধৰণৰ যোগ্যতা নথকা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ সচিবজনে প্ৰত্যক্ষ ভাবে এই চাউল কেলেংকাৰী সংঘটিত কৰি কোৰোনাৰে ধন চপাইছে। একালত সামৰ্থহীন সচিব গৰাকী এতিয়া প্ৰতিপতিশীল. ধনৱন্ত হৈ চলাই যোৱা নিৰ্বিচাৰ লুণ্ঠন আৰু অনিয়ম চলাই যোৱাৰ অভিযোগ প্ৰতিগৰাকী সোনাৰী চাপৰিবাসীৰ মুখে মুখে। 

সমবায় সমিতিখনক পৈত্রিক সম্পত্তি গণ্য কৰি প্ৰতিখন বিদ্যালয়ৰ পৰা ইচ্ছাকৃত আৰু পৰিকল্পিত ভাবে কমকৈ মধ্যাহ্ন ভোজনৰ চাউল যোগান ধৰি মুনাফা অর্জন কৰি ধনৱন্ত হৈ আহিছে সভাপতি আৰু সচিব। সমবায় সমিতিৰ সাধাৰণ সভাত যাবতীয় তথ্য প্ৰদৰ্শন নকৰি অংশীদাৰসকলক বিপথে পৰিচালিত কৰি সভাপতি, সচিবে সুদীর্ঘ দিন ধৰি লুণ্ঠন চলাই অহাৰ পাছতো নিৰ্বিকাৰ সমজিলা প্ৰশাসন, খাদ্য আৰু অসামৰিক যোগান বিভাগ। 

স্থানীয় সচেতন ৰাইজৰ অভিযোগ এইসকল শীর্ষ বিষয়াক মেনেজ কৰি দীৰ্ঘ দিন ধৰি চলাই আহিছে চৰকাৰী আঁচনিৰ সামগ্ৰী। ধনৱন্ত হৈ আহিছে এইসকল। যিসময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে দম্ভালি মাৰিছিল এক গ্ৰাম চৰকাৰী চাউল আত্মসাৎ কৰিলেও জে’লৰ ভাত খাব লাগিব।

কিন্তু কেৱল গেৰুৱা দলৰ কৰ্মী হোৱাৰ বাবেই সোপাধিলা হৈছে প্ৰশাসন। যাৰ বাবেই ভুক্তভোগী হৈছে  বিদ্যালয়সমূহ। সোনাৰী চাপৰিবাসীৰ মুকলি প্ৰত্যাহ্বান যদি নিৰপেক্ষ ভূমিকা পালিছে এনেবোৰ পক্ষই নিৰপেক্ষ তদন্ত কৰক এই চৰকাৰী আঁচনিৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে। 

উল্লেখযোগ্য যে অসমীয়া প্ৰতিদিন ডিজিটেলৰ তদন্ত কালত ইয়াৰ প্ৰামানিক তথ্য উন্মোচিত হ’ল। যাৰ বাবেই এখন বিদ্যালয়লৈ ইচ্ছাকৃত ভাবে কমকৈ যোগানধৰা চাউল এইসকল লুণ্ঠনকাৰীয়ে থৰকাচুটি হেৰুৱাই পুনৰ দিবলৈ বাধ্য হ’ল সংবাদ মাধ্যমৰ সন্মুখত।

সমবায় সমতি মধ্যাহ্ন ভোজন ঢকুৱাখনা