/asomiyapratidin/media/media_files/2025/05/31/pUVrY4ot9jyjDSXt2gCW.jpg)
ডিজিটেল সংবাদ, নাওবৈচাঃ নেৰানেপেৰা ধাৰাসাৰ বৰষুণ আৰু অৰুণাচল প্ৰদেশৰ য়াজুলিস্থিত নীপকো'ৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই শুকুৰবাৰৰ পৰা ধাৰাবাহিকভাৱে ৰিজাৰ্ভাৰৰ পানী এৰি থকাৰ ফলত শুকুৰবাৰৰ নিশাৰ পৰাই লখিমপুৰ জিলাৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। নীপকোৱে ৰঙানদীত এৰি দিয়া অতিৰিক্ত পানীয়ে বিভিন্ন ঠাইত মথাউৰি ছিগাৰ পৰিপ্ৰেক্ষিতত বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীত প্লাৱিত হৈছে।
/asomiyapratidin/media/media_files/2025/05/31/qRm1ju2UucJk4wVBbrPH.jpeg)
ৰঙানদীৰ বাঢ়নী পানী পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ পৰা সোমোৱাৰ ফলত পহুমৰা কিমিন সংযোগী আন্ত:ৰাজ্যিক গড়কাপ্তানী পথৰ ওপৰেৰে বাগৰিছে। নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ অৰ্ধশতাধিক গাঁও ৰঙানদীৰ বানত ডুব গৈছে।
/asomiyapratidin/media/media_files/2025/05/31/BwhFUd6sXgbOaXbVjMLE.jpeg)
পহুমৰাৰ সমীপৰ আতিচুক সংযোগী মৰা শিঙৰা নদীৰ গাইড বান্ধো ছিঙি গৈছে। ফলত বাঢ়নী পানী সোমাই খাগৰি গাঁও হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰাত পুৱতি নিশাৰ পৰাই যাতায়াত ব্যৱস্থা ব্যাহত হৈছে।
/asomiyapratidin/media/media_files/2025/05/31/QBb80tIcqCcidsE6a1j3.jpeg)
ইতিমধ্যে শ শ যানবাহন আৰু পথাচাৰী ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হোৱা দেখা গৈছে। আনহাতে, ঘাইপথৰ ৰঙানদী দলঙৰ দক্ষিণ দিশৰ গাইড বান্ধটোও নদীখনৰ বাঢ়নী পানীয়ে ছিন্ন ভিন্ন কৰিছে।
/asomiyapratidin/media/media_files/2025/05/31/EE9Iu4Un9z7RjFZejnev.jpeg)
ফলত ন-ভগনীয়া, দেওবিল আদি গাঁও এককাঁল পৰ্যন্ত পানীত বুৰ গৈছে। পহুমৰা তিনিআলিৰ পৰা শতজান জলাশয়ৰ সমীপলৈকে পানী বাগৰাত পথটোৰ দাঁতিৰ ঘৰ-দুৱাৰ, পথ, ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, যানবাহন পানীত ডুব যায়।
/asomiyapratidin/media/media_files/2025/05/31/YrHGwgTFxpRVLYG0Urew.jpeg)
নিশাৰ ভাগত অহা প্ৰলয়ংকৰী বানৰ বাবে জনগনে সা-সামগ্ৰীও উদ্ধাৰ কৰিব নোৱাৰিলে। আনহাতে এনে পৰিস্থিতিত পুৱাৰে পৰা প্ৰশাসনে বিভিন্ন ঠাইত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
/asomiyapratidin/media/media_files/2025/05/31/GyMvisgeWz92HLRt5vgA.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us