সাৱধান লখিমপুৰবাসী! নীপকোৱে পানী এৰা ফলত ওফন্দি উঠিছে ৰঙানদী...

কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হৈছে। সেয়ে প্ৰকল্পৰ সুৰক্ষাৰ খাতিৰতে নীপকোৱে প্ৰকল্পৰ জলাধাৰৰ ১ নং গে'টখন খুলি দিয়ে।

author-image
Asomiya Pratidin
New Update
1lnp

ডিজিটেল ডেস্কঃ  ৰাজ্যত ধাৰাষাৰ বৰষুণ। ফলত বিভিন্ন স্থানত সৃষ্টি হৈছে কৃত্রিম বানৰ। এনে সময়তে ভূতৰ ওপৰত দানৱ পৰাদি নীপকোৱে এছে ৰঙানদী প্ৰকল্পৰ পানী। লগে লগে ৰঙানদীয়ে লৈছে ৰুদ্ৰ ৰূপ।বৃহস্পতিবাৰে নিশা সতৰ্কবাণী জাৰি কৰিয়েই ৰঙা নদীৰ পানী এৰি দিয়ে নীপকোৱে।

Advertisment

জানিব পৰা মতে, নীপকোৱে প্ৰদান কৰা সতৰ্ক বাণী অনুসৰি, কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হৈছে। সেয়ে প্ৰকল্পৰ সুৰক্ষাৰ খাতিৰতে নীপকোৱে প্ৰকল্পৰ জলাধাৰৰ ১ নং গে'টখন খুলি দিয়ে।

লক্ষ্যণীয় যে, প্ৰথমাৱস্থাত গেটখন ৫০ মিলিমিটাৰ খোলাৰ পাছত ২০০ মিলিমিটাৰ, শুকুৰবাৰে দুপৰীয়া গে'টখন ৬৫০ মিলিমিটাৰ আৰু দিনৰ ১ বজালৈ ১২৫০ মিলিমিটাৰ পৰ্যন্ত গে'টখন খুলি দিয়ে। ইয়াৰ পাছতে লখিমপুৰত ৰঙানদীয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে।

নীপকোৱে এনে কৰা এয়াই প্রথম নহয়। প্ৰকল্পটোৰ উৎপাদন আৰম্ভ হোৱাৰ পাচৰে পৰা বাৰিষা কালত প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হ’লেই ৰঙানদীত অতিৰিক্ত জলৰাশি এৰি দিয়ে। যাৰ ফলত লখিমপুৰবাসী হাৰাশাস্তিত ভুগাই আহিছে।

ৰঙানদী neepco নীপকো