ৰঙানদীৰ তাণ্ডৱঃ এজনে হেৰুৱালে প্ৰাণ, ২৩৪ খন গাঁৱত বান...

নীপকোৱে প্ৰকল্পটোৰ সকলো গেটৰ পানী এৰি দিয়াত বহন ক্ষমতাতকৈ অধিক পানী বাগৰি অহাৰ ফলত পুৱতি নিশাৰ পৰা নৈৰ কাষৰীয়া শ শ গাঁৱত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
ৰঙানদীৰ তাণ্ডৱঃ এজনে হেৰুৱালে প্ৰাণ, ২৩৪ খন গাঁৱত বান...

ডিজিটেল সংবাদ লখিমপুৰঃ নীপকোৱে এৰি দিয়া ৰঙানদী প্ৰকল্পৰ পানীয়ে লখিমপুৰৰ এক বিস্তৰ অঞ্চলত শুকুৰবাৰৰ পৰাই তাণ্ডৱ সৃষ্টি কৰিছে। নীপকোৱে প্ৰকল্পটোৰ সকলো গেটৰ পানী এৰি দিয়াত বহন ক্ষমতাতকৈ অধিক পানী বাগৰি অহাৰ ফলত পুৱতি নিশাৰ পৰা নৈৰ কাষৰীয়া শ শ গাঁৱত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি। 

Advertisment

জানিব পৰা মতে নীপকোৱে এৰি দিয়া পানীৰ ফলত ২৩৪ খন গাওঁ জলমগ্ন হৈছে। ঠায়ে ঠায়ে ৰাষ্ট্ৰীয় ঘাইপথো পানীৰ তললৈ গৈছে। নাওবৈচাৰ গেন্ধেলীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী। বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা। দুৰ্ভাগ্যজনক ভাৱে পহুমৰাত এনে বান পৰিস্থিতিত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকা এজন লোকে প্ৰাণ হেৰুৱাইছে। 

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা সতৰ্কবাণী জাৰি কৰিয়েই ৰঙা নদী প্ৰকল্পৰ পানী এৰি দিছিল নীপকোৱে। ফলত নদীখনেৰে বহন ক্ষমতাতকৈ অধিক, ১২১২ ঘন মিটাৰ পানী নামি অহাত নৈপৰীয়া এই গাওঁ কেইখনত প্ৰলয়ৰ সৃষ্টি হৈছে।  

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্য কেইখনতো যোৱা দুটা দিনত ধাৰাসাৰ বৰষুণ অব্যাহত আছিল। তাৰ মাজতেই  নীপকোৱে সতৰ্ক বাণী জাৰি কৰি উল্লেখ কৰিছিল এনে বৰষুণৰ ফলতে ৰঙা নদীৰ প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হৈছে। সেয়ে প্ৰকল্পৰ সুৰক্ষাৰ খাতিৰতে নীপকোৱে প্ৰকল্পৰ জলাধাৰৰ প্ৰথমে ১ নং গে'টখন খুলি দিয়ে।

নীপকোৱে  প্ৰথমাৱস্থাত গেটখন ৫০ মিলিমিটাৰ খুলিছিল যদিও পৰ্যায়ক্ৰমে পিছত ২০০ মিলিমিটাৰ, শুকুৰবাৰে দুপৰীয়া ৬৫০ মিলিমিটাৰ আৰু দিনৰ ১ বজালৈ ১২৫০ মিলিমিটাৰ পৰ্যন্ত গে'টখন খুলি দিয়ে। ইয়াৰ পাছতে লখিমপুৰত ৰঙানদীয়ে ধাৰণ কৰে ৰুদ্ৰমূৰ্তি। 

ৰঙা নদীৰ তাণ্ডৱঃ এজনে হেৰুৱালে প্ৰাণ, ২৩৪ খন গাঁৱত বান...

উল্লেখ্য, নীপকোৱে এইদৰে পানী এৰি দিয়াৰ ঘটনা এয়াই প্ৰথম নহয়। প্ৰকল্পটোৰ উৎপাদন আৰম্ভ হোৱাৰ পিছৰে পৰা বাৰিষা কালত প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হ’লেই ৰঙানদীত অতিৰিক্ত জলৰাশি এৰি দিয়ে। যাৰ ফলত নৈপৰীয়া লখিমপুৰবাসী বান পানীৰ কৱলত পৰি দিশহাৰা হৈ আহিছে। হেৰুৱাইছে জীৱন, জীৱিকা আৰু সম্পত্তি।

নীপকো ৰঙানদী বানপানী