DGP
DGP 
অসম

১ ডিচেম্বৰৰ ভিতৰত পঞ্জীয়নৰ প্র-পত্র দাখিল কৰিব লাগিব মাদ্রাছা কৰ্তৃপক্ষই : ডি.জি.পি...

Asomiya Pratidin

ডিজিটেল ডেস্ক : মাদ্ৰাছাৰ পঞ্জীয়ন সন্দৰ্ভত ডিজিপি ভাস্কৰজ্যোতি মহন্তই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সংবাদ মাধ্যমৰ আগত ডিজিপি মহন্তই উল্লেখ কৰে যে ৰাজ্যৰ সকলো মাদ্রাছাৰ পঞ্জীয়ন কৰাতো বাধ্যতামূলক। ইয়াৰ লগতে ১ ডিচেম্বৰৰ ভিতৰত প্র-পত্র দাখিল কৰিব লাগিব মাদ্রাছা কৰ্তৃপক্ষই।

উল্লেখ্য যে মাদ্রাছা পঞ্জীয়নৰ বাবে নূন্যতম ১০০ জন ছাত্র থকাটো বাধ্যতামূলক হোৱাৰ লগতে প্ৰায় ৩ কি.মি.ৰ ভিতৰত কেৱল এখন মাদ্রাছা থাকিব লাগিব বুলিও জানিবলৈ দিয়ে।

মাদ্রাছাৰ ক্ষেত্রত ছাত্রী নিবাসৰ থাকিব সুকীয়া নিৰ্দেশনা। মাদ্রাছাৰ প্রতিগৰাকী শিক্ষকৰ পুলিচ ভেৰিফিকেশ্যন কৰা হ’ব। এই সকলো নিৰ্দেশনা মানি লোৱাৰ প্রতিশ্রুতি প্ৰদান মাদ্রাছা কৰ্তৃপক্ষৰ। মাদ্রাছাসমূহ পৰিচালনাৰ বাবে ইতিমধ্যে গঠন হৈছে ৪খন ব’ৰ্ড আৰু মাদ্রাছাৰ সকলো কাম-কাজৰ দায়িত্ব এই ব’ৰ্ডসমূহে গ্ৰহণ কৰিব।

ইয়াৰ উপৰিও শিশু সুৰক্ষাৰ ক্ষেত্রতো মন্তব্য আগবঢ়াই ভাস্কৰজ্যোতি মহন্তই। শিশু সুৰক্ষা নিশ্চিতকৰণত গুৰুত্ব প্ৰদানৰ নিৰ্দেশ। শিশু সুৰক্ষাৰ ক্ষেত্ৰত শীঘ্ৰে প্ৰৱৰ্তন কৰা হ’ব 'শিশু মিত্র বঁটা'। এই বঁটাৰ বাবে মনোনীত হ’ব এছ.আইৰ পৰা এছ.পি পৰ্যন্ত আৰক্ষী বিষয়া।

প্রতিখন আৰক্ষী থানাত সক্রিয় কৰা হ’ব ‘চাইল্ড কৰ্ণাৰ’। মানৱ সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্রতো গ্রহণ কৰা হ’ব পদক্ষেপ। লগতে সুদৃঢ় কৰা হ’ব আৰক্ষী আৰু জনতাৰ সম্পৰ্ক। ইউনিচেফৰ সহযোগতো চি.আই.ডি কাৰ্যালয়, আৰক্ষী থানাত বিশেষ ব্যৱস্থা গঢ়ি তোলা হ’ব বুলি ব্যক্ত কৰে মহন্তই।