/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ac91e0e8-05b3-4989-9f45-7bcd88373346/assam_police_21.jpg)
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল...
-
অসম আৰক্ষীত ব্যাপক ৰদবদল।
-
এপিএছ বিষয়া নিলোৎপল শইকীয়াক শালবাৰী, বাক্সাৰ এছ ডি পি অ' হিচাপে দায়িত্ব দিয়া হৈছে।
-
তেওঁ পূৰ্বে কাৰ্বি আংলং স্থিত চিলনিৰ অসম পুলিচ (আই আৰ) বেটেলিয়ন অতিৰিক্ত অধীক্ষক হিচাপে দায়িত্বত আছিল।
-
এপিএছ কৰ্ণব পাটোৱাৰীক উত্তৰ শালমাৰাৰ এছ ডি পি অ' হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।
-
তেওঁ পূৰ্বে গোৱালপাৰাস্থিত প্ৰথম এপিটিএফৰ সহকাৰী কামাণ্ডেণ্ট হিচাপে দায়িত্বত আছিল।
-
এপিএছ কাকলি পাটগিৰিক দিয়া হৈছে তিতাবৰৰ এছ ডি পি অ'ৰ দায়িত্ব।
-
তেওঁ পূৰ্বে নলবাৰীস্থিত চতুৰ্দশ এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট হিচাপে দায়িত্বত আছিল।
-
এপিএছ হিৰেণ কুমাৰক দিয়া হৈছে গোসাঁইগাঁৱৰ এছ ডি পি অ'ৰ দায়িত্ব।
-
পূৰ্বে তেওঁ আছিল নগাঁৱৰ বৰহমপুৰস্থিত নৱম এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।
-
এপিএছ পাৰ্থপ্রতিম দুৱৰাক দিয়া হৈছে পৰ্বতঝাৰৰ এছ ডি পি অ'ৰ দায়িত্ব।
-
পূৰ্বে তেওঁ আছিল মাকুমৰ দ্বিতীয় এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।
-
এপিএছ জনকিশোৰ গগৈক দিয়া হৈছে মাইবং, ডিমা হাছাওৰ এছ ডি পি অ'ৰ দায়িত্ব।
-
পূৰ্বে তেওঁ আছিল শিলচৰস্থিত ষষ্ঠ এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।
-
এপিএছ স্মৃতিৰেখা ফুকনক দিয়া হৈছে বিলাসীপাৰা, ধুবুৰীৰ এছ ডি পি অ'ৰ দায়িত্ব।
-
পূৰ্বে তেওঁ আছিল তিতাবৰস্থিত তৃতীয় এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।
-
এপিএছ অংকুৰজ্যোতি বৰাক দিয়া হৈছে ওমৰাংছ’, ডিমা হাছাওৰ এছ ডি পি অ'ৰ দায়িত্ব।
-
পূৰ্বে তেওঁ আছিল ডিব্ৰুগড়ৰ টেঙাখাতস্থিত ঊনবিংশ এপি(আইআৰ)বিএনৰ অতিৰিক্ত অধীক্ষক।
Also Read: বিজেপিত ৰাজতন্ত্ৰ, নাই গণতন্ত্ৰ !