বিজেপিত ৰাজতন্ত্ৰ, নাই গণতন্ত্ৰ !

বিজেপিত ৰাজতন্ত্ৰ, নাই গণতন্ত্ৰ !
বিজেপিত ৰাজতন্ত্ৰ, নাই গণতন্ত্ৰ !

তুষাৰ প্ৰতিম

সলনি হৈছে বিজেপি ! এতিয়া বিজেপিত নেকি পূৰ্বৰ দৰে দলৰ প্ৰতি সমৰ্পিত নেতা ! সকলোকে লাগে কেৱল ক্ষমতা। অন্তত যোৱা সময়ছোৱাৰ কিছুমান ঘটনাই সেই কথাকে প্ৰমাণ কৰে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ গাদি লৰিছে। বিসম্বাদে কপাইছে মণিপুৰ বিজেপিৰ ভেঁটি। মুখ্যমন্ত্ৰী এন বীৰেন সিঙক অপসাৰণ কৰিবলৈ দিল্লীত গৈ উপস্থিত হৈছেগৈ প্ৰায় ১০ ৰ পৰা ১২ জনীয়া এটা বিধায়কৰ দল।

তেওঁলোকে বিচাৰিছে ৰাজ্যখনত কেন্দ্ৰীয় নেতৃত্বৰ হস্তক্ষেপ। ক্ষোভিত বিধায়কৰ দাবী, মণিপুৰত চলিছে ৰাজতন্ত্ৰ। গণতান্ত্ৰিক নহয় মণিপুৰৰ মুখ্যয়মন্ত্ৰী এন বীৰেন সিং।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগে বহু কথাই মুকলি কৰিছে।

অসমতো বিজেপিৰ ভিতৰচৰাত চলি আছে বিদ্ৰোহৰ উকমকনি। এই বিদ্ৰোহৰ কোনদিনা বিস্ফোৰণ ঘটে তাৰ কোনো ঠিকনা নাই। পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থকা শীতল যুদ্ধখনে চূড়ান্তৰূপ ধাৰণ কৰিছে।

যাৰ পৰিণতিত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানতো উপস্থিত নাথাকিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমত বিজেপিৰ শাসনাধিস্ত চৰকাৰখন একপ্ৰকাৰে অপ্ৰতিৰোধ্য হৈ পৰিছে।

যি ইচ্ছা তাকেই কৰিবপৰাকৈ ক্ষমতাশালী হৈ উঠিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ।দুৰ্বল বিৰোধীৰ নাই কোনো শক্তিশালী ভূমিকা।

যিদৰে ৰাজ্যত বিৰোধী শক্তিহীন, কোনো শক্তিশালী ভূমিকা নাই ঠিক সেইদৰেই শাসনাধিস্ত দলটোৰ ভিতৰচৰাটো যেন শক্তিহীন হৈ পৰিল দলীয় নেতা তথা মন্ত্ৰী, বিধায়কসকল। আজিৰ তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সৰ্বেসৰ্বা।

কোনো বিজেপিৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেয়া পাব পৰা কাম কৰিব নিবিচাৰে। তেওঁৰ ৰোষত পৰাৰ ভয়তে এৰি চলিছে দলীয় অনুষ্ঠান তথা কাৰ্যসূচীও।

সৌ সিদিনা বিজেপিয়ে পালন কৰিলে ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস।বশিষ্ঠত থকা ৰাজ্যিক বিজেপিৰ পঞ্চতাৰকা যুক্ত হোটেল সদৃশ কাৰ্যালয়ত অনুষ্ঠিত কৰা হ’ল কেন্দ্ৰীয় ভাৱে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী।

এই অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অনুষ্ঠানত উপস্থিত আছিল কেইবাজনো প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন সভাপতি। কিন্তু দৃষ্টিকটু ভাৱে এই অনুষ্ঠানত উপস্থিত নাথাকিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা তেওঁৰ অনুগত এজনো মন্ত্ৰী, বিধায়ক।

ইয়াৰ পূৰ্বে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই মুকলিকৈয়ে ক’লে দলটোক অ-পাত্ৰৰ হাতত গতাই দিয়া বুলি। এইবোৰ কথা-বতৰা আৰু কাৰ্য-কলাপ সকলোৰে চকুত পৰিছে।

১৩ এপ্ৰিলত সৰুসজাইত বিহুৱে বিশ্ব ৰেকৰ্ড গঢ়িলে। ১৪ এপ্ৰিলত কেইবাটাও কাৰ্যসূচীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হ’লহি গুৱাহাটীত। এই দুয়োটা দিনৰ এটাও কাৰ্যসূচীত উপস্থিত নাথাকিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অতি প্ৰিয় আৰু আষ্ঠাভাজন সোণোৱালৰ অনুপস্থিতিয়ে বহু কথাই কৈ গ’ল। মণিপুৰ বিজেপিত চলাৰ দৰেই এতিয়া অসম বিজেপিতো চলিছে নেকি ৰাজতন্ত্ৰ? মণিপুৰত গণতন্ত্ৰক নিঃশেষ কৰা বুলি যি অভিযোগ উঠিছে সেই একেই অৱস্থা হৈছে নেকি অসমতো?

এই কথা এতিয়া হয়তো ৰাজ্যিক বিজেপিৰ কোনেও আজিৰ তাৰিখত মুকলিকৈ নকব। কাৰোবাৰ ৰোষত পৰাৰ ভয়ত এইবোৰ কথা মুকলিকৈ নকলেও যে সময়ত মণিপুৰৰ দৰেই বিস্ফোৰিত হ’ব সেয়া নিশ্চিত।

ইতিমধ্যে অসম বিজেপিত কেইবাটাও লবীৰ সৃষ্টি হৈছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, উজনি-নামনিৰো এখন শীতল যুদ্ধও আৰম্ভ হৈছে। অসমত বিজেপিৰ শীৰ্ষ পদত যিসকল লোক আছে সেই সকলো বৰ্তমান নামনি অসমৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সম্পাদক ফণী শৰ্মা সকলো নামনি অসমৰ। আনকি বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীও নামনি অসমৰ। ৰাষ্ট্ৰীয় সম্পাদৰ দায়িত্বত আছে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া।

এনে এক লবী কেন্দ্ৰিক ৰাজনীতিৰ মাজতে মুলতঃ উজনি অসমত বসতি কৰি অহা অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী তথা বৰ অসম গঢ়োতা চাওলুং চুকাফাৰ বংশধৰ আহোমসকলক ৰাজনৈতিক ভাৱে নিঃশেষ কৰাৰ এক অভিসন্ধি চলিছে বুলিও চৰ্চা আৰম্ভ হৈছে। যাৰ বাবে উজনি অসমত এটা নতুন ৰাজনৈতিক দল গঠনৰো প্ৰস্তুতি চলিছে।

এনে পৰিপ্ৰেক্ষিতত উজনি, নামনি কেন্দ্ৰিক এই লবীয়েও যে শীঘ্ৰেই শক্তিশালী ৰূপ ধাৰণ কৰিব সেয়াও নিশ্চিত। অসমত কংগ্ৰেছৰ আজিৰ দুৰৱস্থাৰ মূল কাৰণ আছিল বিসম্বাদ।

বিসম্বাদে জুৰুলা কৰা অসম কংগ্ৰেছে পৰৱৰ্তী সময়ত দুটাকৈ বিধানসভাৰ নিৰ্বাচন, লোকসভাৰ নিৰ্বাচনত মুখ ঠেকেচা খাইছে। পঞ্চায়ত নিৰ্বাচন, গুৱাহাটী পৌৰ নিগম আৰু পৌৰসভা নিৰ্বাচন, স্বায়ত্বশাসিত পৰিষদ আদিৰ নিৰ্বাচনত দলটোৱে মূৰ তুলিব নোৱাৰা অৱস্থাৰ সূচনা হ’ল।

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ সময়ত যিসকলে বিসম্বাদ কৰিছিল, ইয়াৰ নেতৃত্ব লৈছিল সেইসকলেই এতিয়া অসম বিজেপিৰ হৰ্তা-কৰ্তা। এইসকল ন-বিজেপিৰ পয়োভৰত ৰাজ্যিক বিজেপিত পুৰণি বিজেপি কৰ্মীৰ স্থান নোহোৱা হৈছে বুলিও এক অভিযোগ উত্থাপন হৈ আহিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাতো ন-বিজেপিৰ পয়োভৰ, জ্যেষ্ঠ বিজেপি বিধায়ক তথা পুৰণি বিজেপিক স্থান নিদিয়া বিষয়বোৰ আছেই। এনে প্ৰেক্ষাপটত মণিপুৰ বিজেপিত যি পৰিস্থিতিৰ সূচনা হৈছে সেই পৰিস্থিতি ৰাজনৈতিক বিশেষজ্ঞসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

যদি মণিপুৰত ৰাজতন্ত্ৰ চলোৱা আৰু গণতন্ত্ৰক নাশ কৰা বুলি অভিযোগ উত্থাপিত হোৱা এন বীৰেন সিঙক বিসম্বাদীসকলে আঁতৰাবলৈ সক্ষম হয় তেন্তে অসমতো যে আগন্তুক সময়ত তেনে এক পৰিৱেশ, পৰিস্থিতিৰ সূচনা নহ’ব তাৰ কোনো নিশ্চয়তা নাই।

বিজেপিত ৰাজতন্ত্ৰ, নাই গণতন্ত্ৰ !
সহসেনা জোৱানে চলাাইছিল যৌন নিৰ্যাতনঃ সেয়ে গুলীয়াই হত্যা কৰিলে ৪ জনক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in