/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/54328a52-824f-46fa-bb5c-e1991d3a2992/khan.jpg)
ডিজিটেল ডেস্কঃ দুৰ্ঘটনাত পতিত হৈছে বাদশ্বাহ শ্বাহৰুখ খান । আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে অভিনেতাজন পতিত হৈছে দুৰ্ঘটনাত । খবৰ অনুসৰি দুৰ্ঘটনাৰ ফলত অভিনেতাগৰাকীৰ নাকৰ ৰক্তক্ষৰণ হৈছিল । সেয়ে ততাতৈয়াকৈ অভিনেতাগৰাকীক চিকিৎসালয়লৈ নি অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ।
অস্ত্ৰোপচাৰৰ পিছতেই চিকিৎসকে চিন্তাৰ কোনো কাৰণ নাই বুলি জানিবলৈ দিছে । অস্ত্ৰোপচাৰৰ পিছতেই শ্বাহৰুখ খানৰ নাকত এটা বেণ্ডেজ দেখিবলৈ পাইছিল অনুৰাগীয়ে । বৰ্তমানে অভিনেতাজন নিজ দেশলৈ ঘূৰি আহিছে । আঘাতৰ পৰা আৰোগ্য হৈছে ।
Also Read: বিধায়ক আৱাসত পাৰ্ক নিৰ্মাণৰ বাবে কাটি তহিলং প্ৰকাণ্ড প্ৰকাণ্ড গছ...