/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5614fe47-6033-4e0b-8f94-8beddf2e384a/AP_FOR_WEB_tree.jpg)
বিধায়ক আৱাসত পাৰ্ক নিৰ্মাণৰ বাবে কাটি তহিলং প্ৰকাণ্ড প্ৰকাণ্ড গছ...
ডিজিটেল ডেস্কঃ উন্নয়নৰ নামত গুৱাহাটীত চলিছে কেৱল ধ্বংসযজ্ঞ। এফালৰ পৰা কাটি তহিলং কৰিছে গছ-গছনি। ৰাজপথৰ কাষত থকা প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ ৰাজপথ বহলোৱা, ফ্লাই অভাৰ নিৰ্মাণ কৰা আদি কাৰণত কাটি প্ৰায় শেষ কৰাৰ পিছত এইবাৰ অসম চৰকাৰৰ পৃষ্ঠপোষকতাতে দিছপুৰত চলিছে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ।
ৰাজপথ আৰু ফ্লাই অভাৰ নিৰ্মাণৰ বাবে ইতিমধ্যে দিছপুৰৰ পথৰ কাষৰ গছবোৰ কাটি শেষ কৰাৰ পাছত এইবাৰ বিধায়ক আৱাসৰ ভিতৰত থকা গছ কাটি শেষ কৰাত নামি পৰিছে। দিনৰ পোহৰত এই গছসমূহ কাটি তহিলং কৰিলে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ বাবেই হয়তো নিশাৰ এন্ধাৰত চোৰৰ দৰে কাটি বগৰাই দিলে এডালৰ পাছত আন এডালকৈ প্ৰকাণ্ড গছ।
এই সমগ্ৰ দৃশ্য় বিধায়ক মৃণাল শইকীয়াই মোবাইলত আৱদ্ধ কৰি টুইটাৰৰ জৰিয়তে প্ৰচাৰ কৰিছে। জানিব পৰা মতে প্ৰায় ৭ ডাল প্ৰকাণ্ড গছ সোমবাৰে নিশা কাটি বগৰাই দিয়া হ'ল।
কেৱল এয়াই নহয় বিধায়ক আৱাসৰ ভিতৰত অট্টালিকা নিৰ্মাণৰ বাবেই প্ৰায় এবিঘা মাটিত থকা বহু গছ-গছনি প্ৰায় এটা সপ্তাহৰ পূৰ্বে কাটি পেলোৱা হৈছিল। য'ত আছিল বহু প্ৰাচীন চন্দন, কৃষ্ণচূড়াৰ দৰে গছ। এতিয়াও এই এবিঘা মাটিত নিঠৰ হৈ পৰি আছে প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰৰ কুণ্ডাবোৰ।
জানিব পৰা মতে বিধায়ক আৱাসৰ ভিতৰত নিৰ্মাণ কৰা হ'ব এখন পাৰ্ক। এই পাৰ্কখন নিৰ্মাণ কৰিবলৈকে এতিয়া এইদৰে গছবোৰ কাটি পেলোৱা হৈছে। এই সন্দৰ্ভত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই উল্লেখ কৰিছে, এগৰাকী সিং উপাধিৰ ব্যক্তিৰ নেতৃত্বত এই গছসমূহ কাটি পেলোৱা হৈছে। তেওঁ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰা বুলিও জনাইছে।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ তেওঁৰ প্ৰতিটো অনুষ্ঠানৰ পূৰ্বে গছপুলি ৰোপণৰ কথা কৈছে। ২ অক্টোবৰত গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়াৰ কথা কৈছে। মুখেৰে এইদৰে গছপুলি ৰোপণৰ কথা কৈ প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে যদিও প্ৰকৃততে তেওঁৰ চৰকাৰৰ দিনতে জধে-মধে গছ-গছনি কাটি তহিলং কৰাৰ এই দৃশ্য সুলভ হৈ পৰিছে।
বিশেষকৈ বিধায়ক আৱাসৰ ভিতৰত এইদৰে প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ কাটি তহিলং কৰা বিষয়টোৱে চৰকাৰৰ প্ৰকৃতি বিৰোধী স্থিতিকেই প্ৰমাণ কৰিছে।
The Silent Invasion- in MLA Hostel Campus , Cutting trees under the cover of darkness as ordered by some singh to build a park (as I m told).#savetrees @CMOfficeAssam pic.twitter.com/URGIT4PVyO
— Mrinal Saikia (@Mrinal_MLA) July 3, 2023
Also Read: নিৰ্মাণ সম্পূৰ্ণ হোৱা ৬ মাহ ন'হলেই, পথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত...