পাচলিত বিষাক্ত কীটনাশক: ব্যৰ্থ নেকি ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা ?...

মাছৰ পিছত এইবাৰ পাচলিত বিষাক্ত কীটনাশক । হাইক'ৰ্টত উন্মেোচিত হৈছে এক ভয়ংকৰ তথ্য

author-image
Asomiya Pratidin
New Update
পাচলিত বিষাক্ত কীটনাশক: ব্যৰ্থ নেকি ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা ?...

ডিজিটেল ডেস্ক : মাছৰ পিছত এইবাৰ পাচলিত বিষাক্ত কীটনাশক । হাইক'ৰ্টত উন্মেোচিত হৈছে এক ভয়ংকৰ তথ্য। পাচলিৰ নমুনা পৰীক্ষাত ধৰা পৰিছে বিষাক্ত কীটনাশকৰ উপস্থিতি। ৩০ টা পাচলিৰ নমুনা পৰীক্ষাত ৯ টাতে ধৰা পৰিছে এই বিষাক্ত কীটনাশক।

Advertisment

আমি প্ৰতিদিনে খাদ্যৰ হিচাপে গ্ৰহণ কৰি অহা পাচলিত ধৰা পৰিছে বিষাক্ত কীটনাশকৰ উপস্থিতি। ৰাজ্যৰ বজাৰত প্ৰতিদিনে বিক্ৰী হৈ অহা শাক-পাচলিত খাদ্যৰ নামত যে বৰবিহ বিক্ৰী হৈ আছে সেইয়া সময়ে সময়ে উন্মোচিত হয় । বিগত কিছুদিন পূৰ্বে মাছত ফ'ৰ্মালিনৰ উপস্থিতিয়ে ৰাজ্যত সৃষ্টি কৰিছিল অনিশ্চয়তাৰ পৰিস্থিতি। গ্ৰাহকে মাছৰ নামত যে বৰবিহ সেৱন কৰি আহিছে সেই কথা প্ৰকাশ পোৱাৰ লগে লগে গ্ৰাহকৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

আৰু ইয়াৰ পাছত এইবাৰ আমি দৈনিক গ্ৰহণ কৰা পাচলিত বৰবিহৰ উপস্থিতিয়ে বাৰুকৈয়ে জোকাৰিছে ৰাজ্যবাসীক। খাদ্য বিভাগৰ তথ্যৰ পৰা পোহৰলৈ আহে এই কথা। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এক প্ৰতিবেদনত খাদ্য সুৰক্ষা বিভাগৰ আয়ুক্তই দাখিল কৰা প্ৰতিবেদনত স্পষ্ট হৈছে এই তথ্য। আদালতৰ নিৰ্দেশ মৰ্মে গঠন কৰা টাস্ক ফ'ৰ্চে মুঠ ৩০ বিধ পাচলিৰ পৰীক্ষাৰ বাবে নমুনা গ্ৰহণ কৰাৰ পিছত ৯ বিধ পাচলিতেই ধৰা পৰিছে বিষাক্ত কীটনাশক দ্ৰব্যৰ।

এই তথ্য প্ৰকাশ পোৱাৰ লগে লগে সৰব হৈছে সচেতন মহল। এইক্ষেত্ৰত পুনতে প্ৰশ্ন তুলিছে ৰাজ্যৰ খাদ্য বিভাগলৈ। অধিক উৎপাদন তথা খৰতকীয়া উৎপাদনৰ বাবে ৰাজ্যৰ বহু খেতিয়কে অবাধে ব্যৱহাৰ কৰে কীটনাশক দ্ৰব্য। প্ৰয়োজনীয় জ্ঞানৰ অবিহনে সীমিত জ্ঞানেৰে পৰিমাণ নিৰূপন নকৰাকৈয়ো কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাতো বহু খেতিয়কৰ অভ্যাসত পৰিণত হৈছে। ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ এইক্ষেত্ৰত চৰম ব্যৰ্থতা পৰিলক্ষিত হৈছে। পাচলি বিক্ৰী বা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগৰ কোনো নীতি-নিৰ্দেশনা জাৰি নকৰাত এইধৰণৰ খবৰে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি আহিছে।

Also Read: আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব মাধৱদেৱ কলাক্ষেত্ৰ...

GOVT OF ASSAM ATUL BORA