ডনাল্ড ট্ৰাম্প, পুটিনৰ ডাইনিং টেবুলত আম্বানীৰ বাৰীৰ আম!

এচিয়া সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ বাৰীৰ আমৰ কথা আপুনি পূৰ্বতে শুনিছিলনে?  উদ্যোগপতি মুকেশ আম্বানী যে এগৰাকী সফল খেতিয়কো এই কথা বাৰু আপুনি জানেনে?

author-image
Asomiya Pratidin
New Update
yhyhcc

আমৰ বতৰত চৰ্চালৈ আহিছে আম্বানীৰ বাৰীৰ আম। কিন্তু আপুনি মই ভাৱি থকাৰ দৰে এই বাৰীখন এলাপচা বাৰী নহয়। এই বাৰীৰ আম খায় ডনাল্ড ট্ৰাম্প, পুটিনৰ দৰে ব্যক্তিয়ে। আহকচোন এই প্ৰতিবেদনত পঢ়ো আম্বানীৰ পৰিয়ালৰ এই আমৰ বাগানখনৰ বিষয়ে...

Advertisment

এচিয়া সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ বাৰীৰ আমৰ কথা আপুনি পূৰ্বতে শুনিছিলনে?  উদ্যোগপতি মুকেশ আম্বানী যে এগৰাকী সফল খেতিয়কো এই কথা বাৰু আপুনি জানেনে? বিশ্বৰ ভিন্ন প্ৰান্তত বহু সম্পত্তিৰ মালিক হোৱাৰ উপৰিও এখন বিশাল আম বাগানৰো গৰাকী মুকেশ আম্বানী।

এলাপচা নহয় মুকেশ আম্বানীৰ এই আমৰ বাৰীখন। প্ৰায় ৬০০একৰ মাটি আগুৰি আছে আম্বানীৰ এই আমৰ বাগানখনে। শেহতীয়াকৈ ৰিলায়েন্সে প্ৰকাশ কৰা এক তথ্য অনুসৰি, এই বাগানত বৰ্তমান আছে ১.৫০লাখ জোপাৰ ভিন্ন প্ৰজাতিৰ আম গছ।

আমৰ এই বতৰতে আম্বানীৰ এই বাগানখন চৰ্চালৈ আহিছে। ২০০ৰো অধিক প্ৰজাতিৰ আমৰ গছ আছে এই বাগানখনত। আম্বানীৰ এই আমাৰ বাগানখনৰ নাম- ধীৰুভাই আম্বানী লক্ষীবাদ আমৰাই।  বিশ্বৰ বহু দেশত নোপোৱা আমো আম্বানীৰ এই বাগানত উপলদ্ধ। যাৰ বাবে ভাৰতৰ উপৰিও বিশ্বৰ উন্নত বহুকেইখন দেশত আম্বানীৰ এই আমৰ চাহিদা বহু বেছি।

প্ৰতিবছৰে হাজাৰ হাজাৰ টন আম আম্বানীৰ এই বাগানৰ পৰা ৰপ্তানি হয় বিদেশলৈ। বিশ্বৰ অতিকৈ দামী কেছাৰ আৰু হাপুছ আমৰ প্ৰজাতি আছে এই বাগানখনত। গুজৰাটৰ জামনগৰত আম্বানীৰ পৰিয়ালে এই আমৰ বাগানখন গঢ়ি তুলিছিল ৯০দশকত।

১৯৯৮চনৰ পৰা এই আমৰ খেতি আৰম্ভ কৰিছিল আম্বানীৰ পৰিয়ালে। বিজ্ঞানসন্মত আৰু প্ৰণালীৱদ্ধভাৱে গুজৰাটৰ জামনগৰৰ উদ্যোগিক খণ্ডৰ মাটি উৰ্বৰা ভূমিলৈ ৰূপান্তৰ কৰা হৈছিল। কেৱল আমৰ উতপাদন নহয়, অঞ্চলটোত পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবেও আম্বানীৰ পৰিয়ালে এই প্ৰকল্পৰ কাম হাতত লৈছিল।

উল্লেখ কৰা প্ৰয়োজন যে, এই বাগিছাখনৰ কাম-কাজ প্ৰত্যক্ষভাৱে নিজেই চোৱাচিতা কৰে নীতা আম্বানীয়ে। এই বাগানখনত আছে পৰীক্ষাগাৰো। এদল গৱেষকে এই পৰীক্ষাগাৰত কাম কৰে আৰু ভিন্ন গছ-গছনিৰ পুলিক লৈ গৱেষণা কৰে। উন্নত প্ৰজাতি প্ৰায় ১লাখ ফল-মূলৰ পুলি প্ৰতিবছৰে কৃষকসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হয় এই আমৰ বাগানখনৰ পৰা।

আম্বানীৰ এই বাগানৰ আম সবাতোকৈ বেছি বিক্ৰী হয় আমেৰিকাত। বিগত এটা দশকত আমেৰিকাত আম্বানীৰ বাগানৰ আমৰ চাহিদা খুবেই বৃদ্ধি পাইছে।  হাপুছ আৰু কেছৰ প্ৰজাতিৰ আম আমেৰিকাত অধিক পৰিমাণে বিক্ৰী হয়। শেহতীয়াতকৈ আম্বানীৰ এই বাগানৰ পৰা আমেৰিকালৈ পোনপতীয়া ৰপ্তানি প্ৰক্ৰিয়াও আৰম্ভ হৈছে।

আমেৰিকাৰ উপৰিও ইউৰোপ, বিট্ৰেইন, ৰাছিয়া আদি দেশলৈও ৰপ্তানি হয় আম্বানীৰ বাগানৰ আম।  প্ৰতিবছৰে প্ৰায় ১০,০০০টন আম উতপাদন হয় এই বাগানত। শেহতীয়াকৈ এক সমীক্ষাত পোহৰলৈ আহিছে যে, এচিয়াৰ সৰ্বাধিক আম উতপাদনকাৰী বাগানখনেই হৈছে আম্বানীৰ এই বাগানখন।

প্ৰথমে প্ৰদূষণ ৰোধৰ লক্ষ্যৰে ৰোপন কৰা এই আমৰ পুলিবোৰেই যে এদিন এনে এক বিশাল উদ্যোগত পৰিণত হব, সেয়া হয়তো কোনেও ভাৱিবই পৰা নাছিল। এতিয়া সেই আমাৰ বাগানখনতে কাম কৰে প্ৰায় ৫০০কৰ্মচাৰীয়ে। 

এই আমাৰ বাগিচাখন পৰিবেশ সুৰক্ষাৰ দিশত এক আদৰ্শ হৈ পৰিছে। ইয়াত জৈৱ বৈচিত্ৰ্যৰ প্ৰচাৰ আৰু কৃষিক্ষেত্ৰত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ অতি সীমিত। ইয়াৰ কাৰণে ইয়াত উৎপাদিত ফলবোৰ আন্তৰ্জাতিক মানদণ্ড পূৰণ কৰে। মুঠৰ ওপৰত মুকেশ আম্বানী কেৱল টেলিকম, কাপোৰ, তথ্য প্ৰযুক্তিৰ দিশতে নহয় কৃষিখণ্ডৰো একস্ৰত্ৰী সম্ৰাট হোৱাৰ দিশে আগবাঢ়িছে। 

 

 

মুকেশ আম্বানী