/asomiyapratidin/media/media_files/2025/05/25/AMxSMiSzIW5soHlkTsaH.jpg)
অৰুনোদয়- লাখপতি বাইদেও আঁচনিত কোনে লগাইছে গেৰুৱাকৰণৰ দাগ?
ডিজিটেল সংবাদ, ঢকুৱাখনা: চৰকাৰী সাৰ্বজনীন আঁচনিৰ নামত নির্লজ আৰু কুটিল ৰাজনীতি আৰম্ভ হৈছে ঢকুৱাখনা সমজিলাত। চৰকাৰী উন্নয়নমূলক উদ্যমীতা আঁচনি মাত্ৰেই গেৰুৱা দলৰ নিজস্ব সম্পত্তি বুলি গণ্য কৰি এফালৰ পৰা চলাই গৈছে গেৰুৱা দলটোৰ কৰ্মী সমৰ্থকক এই আঁচনি প্ৰদানৰ পক্ষপাতিত্বৰ অভিযান।
ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত ইতিমধ্যে আৰম্ভ হৈছে অৰুনোদই আৰু লাখপতি বাইদেউ আঁচনিৰ বিপৰীতে হিতাধিকাৰীৰ প্ৰপত্ৰ আৰু নথিপত্ৰ সংগ্ৰহ অভিযান । লক্ষণীয়ভাবে এই চৰকাৰী দায়িত্ব আৰু কৰ্তব্য সমাপন কৰিছে এচাম গেৰুৱা দলৰ ভোট কেন্দ্ৰৰ দায়িত্বশীল কৰ্মীয়ে। স্বয়ম্ভূ বিভাগীয় কৰ্মচাৰী হিচাপে পৰিচয় দি সকলো পঞ্চায়তৰ নিজ নিজ ভোট কেন্দ্ৰ এলেকাত এনেবোৰ সুবিধাবাদী ৰাজনৈতিক দালাল কৰ্মীয়ে এই আঁচনিৰ প্ৰপত্ৰৰ নথিপত্ৰ সংগ্ৰহ কৰাৰ অবৈধ অভিযান অব্যাহত ৰাখিছে।
তাৎপৰ্যপূৰ্ণ ভাৱে কেৱল গেৰুৱা দলৰ সমৰ্থক, দলীয় কৰ্মী সকলৰ পৰা এই চৰকাৰী আঁচনিৰ নথিপত্ৰ সংগ্ৰহ কৰাৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলৰ কৰ্মী সমৰ্থক হলেই এইসকল হিতাধিকাৰীৰ নথিপত্ৰ জমা নলৈ উভতাই পঠিয়াই আৰু পূৰ্বৰ নাম থকা হিতাধিকাৰী সকলৰ নাম কৰ্তন কৰি দৌৰাত্ম্য আৰম্ভ কৰিছে এইসকল স্বয়ম্ভূ গেৰুৱা চৰকাৰী কৰ্মচাৰীয়ে। সোনাৰী চাপৰি, পূব ঢকুৱাখনা, মাতমৰা, ডিমৰুগুৰি , কেঁকুৰী, ডাংধৰা আদি সকলো পঞ্চায়তত অব্যাহত থকা এই গেৰুৱা শিবিৰৰ চৰকাৰী আঁচনিৰ ৰাজনীতিকৰণৰ অশুভ পৰম্পৰা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মুক-বধিৰৰ ভূমিকা পালিছে ঢকুৱাখনা সমজিলা প্ৰশাসনে আৰু খণ্ড উন্নয়ন বিষয়াই ।
ইফালে একাংশ ভুক্তভোগীয়ে জনোৱা মতে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত বহু যোগাযোগ কৰিও অৰুনোদই আৰু লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীৰ নাম তালিকা উপলব্ধ নহল। অথচ একাংশ গেৰুৱা দলৰ ভোট কেন্দ্ৰৰ বিষয়ববীয়াই হাতে হাতে এনে তালিকা লৈ ঘৰে ঘৰে বহি গেৰুৱা হিতাধিকাৰীৰ নথিপত্ৰ সংগ্ৰহ কৰিছে। পূৰ্বৰ হিতাধিকাৰী সকলৰ নবীকৰণৰ নথিপত্ৰ সংগ্ৰহ কৰা সময়ত বিজেপি দলৰ সমৰ্থক, সদস্য আৰু ভোটাৰ নোহোৱাৰ বাবেই এইসকল হিতাধিকাৰীৰ নথিপত্ৰ সংগ্ৰহৰ পৰা বিৰত থাকি তালিকাৰ পৰা এনেবোৰ বিৰোধী ৰাজনৈতিক দলৰ সমৰ্থক ভোটাৰৰ নাম কৰ্তনেৰে বঞ্চিত কৰি আহিছে।
সমজিলাখনৰ বিভিন্ন পঞ্চায়তত অব্যাহত থকা চৰকাৰী আঁচনিৰ এনে নির্লজ গেৰুৱাকৰণৰ বিৰুদ্ধে অতিষ্ঠ হৈ উঠিছে ভুক্তভোগী ৰাইজ সংগঠন। মিত্ৰজোঁটৰ অংশীদাৰী দল সন্মিলিত গণশক্তি অসমৰ কৰ্মী ,সমৰ্থক সকলকো এই আঁচনিৰ পৰা বঞ্চিত কৰাৰ ব্যাপক অভিযোগ উত্থাপিত হোৱাৰ উপৰিও বহু অঞ্চলত হিতাধিকাৰীৰ পৰা গেৰুৱা দলৰ এনেবোৰ অৰ্থলোভী স্তাৱক বাহিনীয়ে এই আঁচনিৰ বিপৰীতে কমিচন সংগ্ৰহ কৰাৰো ব্যাপক ৰাজহুৱা অভিযোগ উথাপিত হৈ আহিছে।
আনহাতে চৰকাৰী আঁচনিক খিৰতী গাই গণ্য কৰা শাসক দলৰ এনে অবৈধ অনৈতিক কাণ্ডৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখনা জিলা সমিতি। সমিতিৰ সভাপতি প্ৰহ্লাদ গগৈয়ে ঢকুৱাখনা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত আৰম্ভ হোৱা এনে অবৈধ, স্বার্থন্বেষী কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰি সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জনাইছে। ঢকুৱাখনা উন্নয়ন খণ্ডত দুপৰীয়া প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব বুলি কৈ যদি বিজেপিৰ ভোটকেন্দ্ৰ সমিতিৰ নেতা পালিনেতাই চৰকাৰী আঁচনিৰ সৰ্বময়কর্তা তেন্তে গ্ৰামোন্নয়ন বিভাগৰ কি প্ৰয়োজনীয়তা আছে বুলি প্ৰশ্ন উত্থাপন কৰি চৰকাৰী আঁচনিৰ নামত স্বাৰ্থপৰ ৰাজনীতি হবলৈ দিয়া নহ'ব বুলি সকীয়াই দিছে সভাপতি গৰাকীয়ে ।