কচুৱাৰ জুৰিৰপাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ জুৰিৰপাৰত শনিবাৰে নিশা ৫ জনীয়া এটি বনৰীয়া হাতীৰ জাকে গাওঁখনৰ বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে।

author-image
Asomiya Pratidin
New Update
কচুৱাৰ জুৰিৰপাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

কচুৱাৰ জুৰিৰপাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ জুৰিৰপাৰত শনিবাৰে নিশা ৫ জনীয়া এটি বনৰীয়া হাতীৰ জাকে গাওঁখনৰ বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে। জুৰিৰপাৰৰ ৰফিকুল ইছলাম নামৰ এগৰাকী লোকৰ তামুল বাগানত বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰি শতাধিক তামোল গছ, নাৰিকল গছ তহিলং কৰাৰ লগতে পথাৰৰ ধান আৰু বিদ্যালয়ৰ দমকলসহ মূল্যবান সামগ্ৰী ভাঙি পেলায়। 

Advertisment

হাতীৰ জাকৰ উপদ্ৰৱ দেখি মুৰে কপালে হাত দিছে ৰফিকুল ইছলাম নামৰ লোকজনে।চৰকাৰক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছে ৰফিকুলে। ইপিনে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৰ নামি অহা হাতীৰ জাকৰ উপদ্ৰৱত চিন্তিত হৈ পৰিছে গঞা।

হাতীৰ উপদ্ৰৱ হাতী -মানুহৰ সংঘাত বনৰীয়া হাতী