
ডিজিটেল ডেস্ক : আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব মাধৱদেৱ কলাক্ষেত্ৰ। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত ইতিসধ্যেই নিৰ্মাণ হৈ উঠিছে এই কলাক্ষেত্ৰখন। বুধবাৰে দিনৰ ভাগত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব কলাক্ষেত্ৰখন। মুকলি বাবে সাজু হৈছে কলাক্ষেত্ৰখনৰ দ্বায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষ।
এই লৈ নাৰায়ণপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ আয়োজন কৰিছে ৰাজ্য চৰকাৰে। প্ৰায় ৪৫ বিঘা মাটিকালিত নিৰ্মাণ হৈছে এই প্ৰকল্প। আনহাতে ৫৩.৫৬ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই কলাক্ষেত্ৰ।
উল্লেখ্য যে, কলাক্ষেত্ৰৰ ভূমিদাতা হ'ল শ্ৰীশ্ৰীবদলা পদ্ম আতা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত দেৱ গোস্বামী। ২০০৭ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে স্থাপন কৰিছিল কলাক্ষেত্ৰখনৰ আধাৰশিলা। ১৬ বছৰৰ অন্তত সম্পূৰ্ণ হৈ উঠিছে কলাক্ষেত্ৰৰ নিৰ্মাণকাৰ্য। যাৰ বাবে মাধৱদেৱ কলাক্ষেত্ৰৰ মুকলিক লৈ ৰাজ্যবাসীৰ লগতে স্থানীয় ৰাইজৰ মাজত আনন্দ-উছাহ দেখিবলৈ পোৱা গৈছে।