ইংলেণ্ডৰ হাতত পৰাস্ত শ্ৰীলংকাঃ বিশ্বকাপৰ পৰা বাহিৰ অষ্ট্ৰেলিয়া...

author-image
Asomiya Pratidin
New Update
 ইংলেণ্ডৰ হাতত পৰাস্ত শ্ৰীলংকাঃ বিশ্বকাপৰ পৰা বাহিৰ অষ্ট্ৰেলিয়া...

T-20 world cup

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত আন এক অঘটন। আয়োযক দেশ অষ্ট্ৰেলিয়া বাহিৰ হ'ল প্ৰতিযোগিতাৰ পৰা। গ্ৰুপ ১ ৰ অন্তিমখন খেলত ইংলেণ্ডে এছিয়া কাপ বিজয়ী শ্ৰীলংকাক ৪ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে এই গ্ৰুপ ১ ৰ পৰা নিউজিলেণ্ডে শুকুৰবাৰে ছেমি ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছিল।

Advertisment

আজিৰ ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজৰ মেচখনত শ্ৰীলংকা পৰাস্ত হোৱাৰ লগে লগে ডিফেণ্ডিং চেম্পিয়ন তথা আয়োযক অষ্ট্ৰেলিয়া বিশ্বকাপৰ পৰা বাহিৰ হৈছে। আজিৰ মেচখনত টছত জয়ী হৈ শ্ৰীলংকাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

শ্ৰীলংকাৰ হৈ অপেনাৰ পাথুম নিচানকাই ৪৫ টা বলত ৬৭ ৰাণ সংগ্ৰহ কৰে। যাৰ জৰিয়তে শ্ৰীলংকাৰ স্ক'ৰ ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৪১ হয়। ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে আৰম্ভণিৰে পৰা মেচখনত ধমুহাৰ গতিৰে ৰাণ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। হেলছে ৩০ টা বলত ৪৭ ৰাণ কৰে আৰু বাটলাৰে ২৩ টা বলত ২৮ ৰাণ সংগ্ৰহ কৰে।

australia england t-20 srilanka